কুইয়েৰ কবিতা
আজিৰ মানুহ নতুন মানুহ
মিন্টু (অভিজ্ঞান) বৈশ্য
আজি দেখিলোঁ অক্ষত নিমিশাৰ অৰূপ ছায়া
দেখিলোঁ উদাৰ আকাশেও তৰাফুলক প্ৰত্যাখ্যান কৰা
দেখিলোঁ গোলাপৰ চকুৱেদি অশ্ৰু সৰা
দেখিলোঁ দূৰ পাহাৰৰো অস্তিত্ব বিপন্ন হোৱা আজিৰ মানুহ নতুন মানুহ, নতুন নহয় যদিওবা এই ভাষা।
কাৰ ইমান গৰচ যে কাৰোবাক জীৱন যাচি দিব
কাৰ আবেশে অমিত ছন্দত জীৱনে ৰচিব কাব্য
মান অৱমানৰ সেই কুটিল সমৰত আমি হʼলো মাত্ৰ স্বৰগত
তেন্তে আমি যদি মানুহ হও আমাৰ কাম্য কি কোৱা (?)
যুগ সভ্যতাৰ নিদাঘ নিৰ্বাতত
লক্ষ অস্তিত্বক নিক্ষেপ কৰি
আমি গঢ়িছো এখন ৰক্ষণশীল পৃথিৱী(?)
আমাৰ লক্ষ্য শান্তিবাদ এৰি ৰক্ষণবাদী হোৱা
আমাৰ উদ্দেশ্য লিংগবাদ সপি সমাজবাদ গঢ়া
আজিৰ মানুহ নতুন মানুহ, নতুন নহয় যদিওবা এই আশা,
যি আশা মাথোঁ নিজতে শ্ৰেষ্ঠ হোৱাৰ
যি আশা মাথোঁ নিজতে সুখী হোৱাৰ
বোধহীনতাত আমি হেৰুৱালো স্বজন
আমাৰ উপলদ্ধিৰ সিপাৰে.....
সিহঁত কুইয়েৰ....
আজি জ্বলি উঠে সিহঁতৰ কাব্য নিয়ন
পদ লাঞ্চিত, ঘৃণিত, বৰ্জিত হোৱাৰ কথাৰে...
সূৰ্যক জানো কল চোঁচনিৰে ঢাকিব পাৰে?
আজিৰ মানুহ নতুন মানুহ, নতুন নহয় যদিওবা এই প্ৰশ্ন,
আজি তেনে হেজাৰ সূৰ্যই সমস্বৰে চিঞৰি উঠে
অন্ধ বাসনাই পোহৰ কামনা নকৰে।
হয়তো তুমি শুনিছা জংকী পানেইৰ প্ৰেমৰ কথা
তুমি জানো শুনিছা ৰংমন হৰিমনৰ প্ৰেমৰ কথকতা ?
তুমি শুনিবা....
আজিৰ মানুহ নতুন মানুহ, নতুন নহয় যদিওবা এই প্ৰকাশ
স্বাস্বত নিশিকাৰ নিয়মিত নিবেদন
সৃষ্টি চিৰ সুন্দৰৰ...

No comments:
Post a Comment