আধৰুৱা চিঠিৰ ভাঁজত
কুণ্ডিল হাজৰিকা
টীয়ক, যোৰহাট
বৰষুণজাক আহিলে আজিও খিৰিকীখন খোলোঁ,
মাথোঁ চিনাকি গোন্ধটো বিচাৰি
কিন্তু বতাহজাকে কঢ়িয়াই আনে
কেৱল কিছুমান ভিজা শব্দৰ কোলাহল।
বুকুৰ কোনোবা এটা কোণত
এতিয়াও সাঁচি থোৱা আছে এখন পুৰণি ডায়েৰী,
য’ত কেইটামান শব্দই আজিও উশাহ লয়
আধৰুৱা হৈ ৰৈ যোৱা সেই সপোনবোৰৰ দৰে।
আমি কিমান সহজতে কৈ দিওঁ “সকলো ঠিক হৈ যাব”,
অথচ আইনাৰ আগত থিয় হ’লেই
নিজে নিজৰ অচিনাকি হৈ পৰোঁ
পৃথিৱীৰ ভিৰত হেৰাই যোৱা নিজক বিচাৰি
কেতিয়াবা নিজেই নিজক হেৰুৱাই পেলাওঁ।
হয়তো জীৱনটো এনেকুৱাই
কিছুমান কথা ক’বলৈ থাকি যায়,
কিছুমান বাট খোজ দিবলৈ বাকী ৰয়;
আৰু এই আধৰুৱাখিনিয়েই
মানুহক জীয়াই থকাৰ এটা নতুন অজুহাত দিয়ে।
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment