ধৰালৈ ব’হাগ নামি আহিছে
মনালিচা ৰাজবংশী
আন্ধেৰীঘাট, দৰং
ধৰালৈ নামি আহিছে
হেঁপাহৰ ব’হাগ,
ক্ৰমশঃ প্ৰকৃতিয়ে লৈছে
ন-ৰূপ।
লঠঙা বিৰিখত কুঁহিপাতে
মিচিকিয়াইছে,
কুলিয়ে অমিয়া মাতেৰে
গীত জুৰিছে,
কুলি জনীয়ে যে কেনেকৈ
পায় ব’হাগৰ বতৰা!
নাহৰ, কপৌ, তগৰে যে
বহলকৈ পাহি মেলিছে,
কিযে সুবাস ভাহি আহিছে
আম মলিওঁৱা, কঁঠাল মুচিৰো
যে কিযে সুবাস!
আকাশ বতাহত বিয়পি পৰিছে
মাথোঁ ব’হাগৰ স্নিগ্ধ সুবাস...!
শিপিনীয়েও যে তাঁতশালত
বিহুনাম গাই বইছে গামোচা,
ঢোল, পেপা, গগনাৰো যে
কিযে আনন্দ,
গাভৰু দেহতো নাই যে তৰণি
হাতৰ তলুৱাত আঁকি লৈছে
বেলিমুখী জেতুকাৰ বোল,
খোপাত কপৌ এপাহ গুজি দিব
বুলি ৰৈ আছে চেনাইলৈ,
ঢুলীয়া ককাইদেউৰো যে
গাতে নাই তৰণি,
নাচনী হৃদয়তো যে নামি
আহিছে উল্লাসৰ লহৰ।
এফালে বেলি লহিওৱা পৰলৈ
একাঠুমান বোকা লেটিয়াই
ভূঁই ৰুবলৈ ৰোৱনীৰো
সাজু হ’বৰ হ’ল,
ব’হাগীক আদৰাৰ উলহ -মালহত
যে উঠিছে হৃদয়ত লহৰ
প্ৰতিজন অসমীয়াৰ।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৬

No comments:
Post a Comment