কথাবোৰ পাহৰি যাব পৰা হ’লে ভাল আছিল
বিতুপন লুখুৰাখন
কথাবোৰ পাহৰি যাব পৰা হলেই ভাল আছিল
পাহৰি যাব পৰা হলেই ভাল আছিল
তোমাৰ সৈতে কটোৱা সেই নদীৰ পাৰৰ আৱেলিৰ মিঠা স্মৃতিবোৰ।
পাহৰি যাব পৰা হলেই ভাল আছিল
আমাৰ প্ৰেমৰ শুভাৰম্ভণিৰ মধুময় দিনটো।
পাহৰি যাব পৰা হলেই ভাল আছিল
সেই বিশেষ দিনটো
যিদিনা আমাৰ বন্ধুত্ব সম্পৰ্কটোৱে প্ৰেমৰ নাম পাইছিল
পাহৰি যাব পৰা হ’লেই ভাল আছিল
আমাৰ প্ৰেমৰ প্ৰথম বৰ্ষৰ সেই বিশেষ দিনটো।
যিদিনা আমাৰ মৰম আৰু বিশ্বাসবোৰ আৰু বেছি প্ৰবল হৈ পৰিছিল।
পাহৰি যাব পৰা হ’লেই ভাল আছিল
তোমাৰ বাবে ত্যাগ কৰা
ভাল লগা বেয়া লগা সময়বোৰ।
পাহৰি যাব পৰা হলেই ভাল আছিল
তুমি দিয়া মিছা আশা, ভালপোৱা, মৰম, আৰু আৰু মিছা প্ৰতিশ্ৰুতিবোৰ।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৬

No comments:
Post a Comment