জুইত পুৰিবলৈ যাৰ নাই আপত্তি
বাংলা কবিঃ নিৰ্মলেন্দু গুণ
তৰ্জমাঃ ড° ইকবাল হোচেইন খান
কিয় বাধা দিছা ? গঢ়িবলৈ দিয়া,
গঢ়ক;
একত্ৰিত হ'ব বিচাৰে ? একত্ৰিত হ'বলৈ দিয়া,
একত্ৰিত হওক।
যদি অকিয়া-পকিয়া হৈ উঠে জট,
সৃষ্টি হ’ব নতুন সংকট।
সুখ নহ'লে দুখৰ সৈতে
পৰিপূৰ্ণ হ’ব ঘট।
কিয় ভয় পোৱা ? আগুৱাই যাৱলৈ দিয়া
জাগক;
কিয় আঁতৰি আহিছা ? জুইত হাত লাগক।
জীৱনৰ শেষত মৰণ,
কি হয় মৰণৰ শেষত ?
জুইত পুৰিবলৈ যাৰ নাই আপত্তি,
কিয় ভয় তাৰ মাটিত ?
Doksiri দকচিৰি, এপ্ৰিল, ২০২৬

No comments:
Post a Comment