কবিতা
ববিতা দাস
তামুলপুৰ
ফাগুন ফাগুন
ধূলিৰ ফাগুন
লৈ আহে এজাক আবিৰৰ বৰষুণ
ফাগুন ফাগুন
পলাশৰ ৰং
মদাৰৰ ডালত ৰৈ থাকে জোন
ফাগুন ফাগুন
গাভৰুৰ খং
(বতাহত নাথাকে লাজৰ আবৰণ)
ফাগুন ফাগুন
সৰা পাতত বিষন্নতাৰ ৰং
বিচাৰো তাতেই জীৱনৰ হেৰুৱা ক্ষণ
ফাগুন ফাগুন
মোৰ বন্ধ কোঠালীৰ দুৱাৰত এয়া কাৰ টোকৰ
শূণ্যতাৰ সিটো পাৰে
শুনিছোঁ ময়ো
বসন্তৰ উৎযাপনৰ গান।।
আকৌ সেউজ হোৱাৰ হেপাহত ৰৈ আছে লঠঙা গছৰ ডাল।।
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment