অকলশৰীয়া ফাগুন
ভবেন পগাগ
শিমলু ফুলৰ কলিটিয়ে
মিচিংৰ শিপিনী, মিবু গালুক আৰু মামলাৰ
ৰঙা-হালধীয়া সপোন ফুলাইছে।
অ’ কাংকান,
তোমাৰ তাঁতশালতো ফুলিছে নে?
পছোৱা বতাহৰ লিহিৰি কৈ
ঢুলীয়াৰ দলটোৱে মুৰংঘৰত
গুম গুমাই থাকিব-
তোমাৰ গাত নাচোঁ নাচোঁ নেলাগিব নে?
ঐ কাংকান,
তোমাৰ মিচিকিয়া হাঁহিত
ঢোলৰ শব্দেৰে ভৰা মনত
মই মতা সুৰটো
শুনি পাব নে?
ফাগুন মাথোঁ ফাগুন-
ফাগুন মাথোঁ ফাগুন-সিফালে গুমৰাগৰ শব্দ, সৌফালে গুমৰাগৰ শব্দ; আৰু মই
এই দুয়োৰে মাজত অকলশৰীয়া হৈয়েই ৰৈ যাওঁ।
তুমি ঢোলৰ শব্দত নুশুনিবা, মই মাথোঁ মই-ফাগুন হৈয়ে ঘূৰ ঘূৰাই থাকিম চাৰিওফালে।
এদিন যদি গুমৰাগ থমকি যায়, শিমলুৰ ফুলে যদি নিঃশব্দে সৰে, তেতিয়া হয়তো শুনিবা তুমি-মোৰ মতা সুৰ।
ফাগুনৰ বুকুত লুকাই থকা
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment