ফাগুনৰ যাদু - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

ফাগুনৰ যাদু

 

ফাগুনৰ যাদু


                       অমিয়া দেৱী বৰঠাকুৰ


ধূসৰ আকাশত

শিমলু, পলাশ, মদাৰে বাছি থোৱা 

ৰঙাবুটা ফুলবোৰ

ধদুৱা ফাগুন তই বখলা-বখলে 

সৰাই পেলালি 

শুকান পৃথিৱীৰ জৰীয়া দেহাত 

দুবৰিৰ মূৰে মূৰে ভৰণ দিলিহি 

দুষ্ট ফাগুন! বসন্তৰ ফল্গুৎসৱৰ আগতে 

পছোৱা অপেশ্বৰীয়ে যে চকুৱে-মুখে 

ধূলিৰ ফাকুৰে বুৰাই পেলাইছে 

এয়া জানো নহয় তোৰেই চক্রান্ত? 

পৰ্ণপাতিৰ হাঁহি মৰহাই 

তই হে লুকা-ভাকু খেলিব জান নহয় জানো?

আকাশ শুকান, বতাহ শুকান 

শুকান নৈ বোৰৰ 

ফাপৰে খোৱা যান্ত্ৰনা বোৰ মৌ পিয়া চৰাইজাকৰ বাহিৰে কোনে বুজিব যৌৱনমতী বিৰিখৰ আৱেগ মধুৰ বৰষুণজাক 

তয়েই, তয়েই লুকুৱাই ৰাখিছ! 

মেৰুণৰঙী কুঁহিপাতবোৰক ধূলিৰ মোজা পিন্ধাই 

কাণি-মুনি বাই কিমান খেলিবি?

 নির্জলা নদীৰ যমুনা ঘাটত

ৰাধাৰ কলসী খহে বাৰে-বাৰে 

কদমৰ চনকা ডালত কানাইও নবহে আজি 

তথাপি ফাগুন তোৰেই বুকুত কিয় 

হৰ-গৌৰী বিবাহৰ মহামেলা বহে, 

কাৰণ ঋতুৰাজ বসন্ত হৰ হৈ আহে 

প্রকৃতি দেৱীয়ে গৌৰীসাজ পিন্ধে 

পহিলা বুধবাৰেই কৌৱা-কনেঙে গুমৰাগো নাছে যে তোৰেই যাদুত 

দুষ্ট ফাগুন! কিনো যাদুৰে তই 

কবিকুল ভুলালি 

কলমে-কলমে মেঘৰ মাদল বজাই 

বৰষাৰ ধল তই বোৱাই হে এৰিবি।।


Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages