ফাগুন
ৰিজু মণি বৰা
নগাঁও
ঐ ফাগুন, তই আকৌ আহিবি
হেঙুলীয়া আব্দাৰবোৰ বুকুত বান্ধি,
মোৰ দৰে
এই বৰ্ণিল চহৰৰ ব্যস্ত মানুহবোৰো
তোৰ প্ৰেমত পৰে
তই অহালৈ বাট চাই থাকে
ঐ ফাগুন, এইবাৰো তই আহিবি আনবাৰৰ দৰে
আকাশত জুইফুল ফুলাবলৈ,
দুচকুত পলাশৰ ৰং বুলাবলৈ
ওঁঠত যৌৱনৰ বা সানিবলৈ
তোৰ উন্মাদ অনুভূতিবোৰ সিঁচি যাবি
বেখেয়ালি বাটৰুৱাৰ হিয়াত
ঐ ফাগুন তোৰ বুকুতে গজে
সৰাপাতৰ বিবৰ্ণ দলিচা
তই জানো নুবুজ
সৰাপাতৰ উচুপনি
তই জানো নুশুন সৰাপাতৰ বুকুতে বাজি থকা
স্মৃতিৰ উদাসী সুৰৰ কাহিনী…
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment