পিয়াহ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

পিয়াহ

 

পিয়াহ


                বিশ্বজিৎ শইকীয়া


তেওঁ দিগ্ মেলি জৰা ছিঙিব খোজোঁতে

তেজীমলাই মাত লগোৱা নাছিল,

“গৰখীয়া ককাই, হাতো নেমেলিবি 

জৰা নিচিঙিবি...” বুলি

তেওঁ ঢুকি পোৱা নাই জৰা।


তেওঁ বহু বস্তুৱেই ঢুকি নাপায়

তেওঁ হাকুটি জোৰা দিব নাজানে।


তেওঁ ঢুকি নাপায় আকাশ, পাহাৰৰ ওখ শিল

মুখে মুখে উৰি ফুৰা কথাৰ পাকবোৰ

আম গছৰ ফেৰেঙনিত উলমি থকা কপৌ

আৰু আহঁতৰ গাত মেৰাই বৈ যোৱা

জৰীৰ সম্পৰ্কবোৰ.....


 তেওঁ ঢুকি নাপায় ভিন্সিৰ ছবিৰ ৰহস্য

সেয়ে তেওঁ মনালিছাৰ হাঁহিটো

কেতিয়াও বিচৰা নাছিল,

তেওঁ ঢুকি নাপায় বেকেটৰ এবছাৰ্ড

তেওঁ ৰৈ থাকিব নোৱাৰে ব্লাদিমিৰ অথবা এষ্টাগণৰ দৰে,

দিগ্ মেলি পাৰিব খোজে ৰহস্যবাদ।


তেওঁ ঢুকি নাপায় পোন্ধৰ মহলীয়া অট্টালিকাৰ চাঁদ 

পাৰ্টি লাইটৰ পোহৰত, ডি.জেৰ শব্দত

তেওঁ নাচিব নাজানে,

তেওঁ দৰদাম নাজানে মানুহৰ।

তেওঁ পঢ়া নাছিল পুৰাণৰ তত্ত্ব

তথাপিও জ্বলাই আহিছে ঈশ্বৰৰ নামত চাঁকি।


কোনোবাই তেওঁক জৰা এটা পাৰি দিয়া

তেওঁৰ পিয়াহ লাগিছে, বহু যুগৰ

বহু কালৰ পিয়াহ।


Doksiri দকচিৰি, মাৰ্চ, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages