বিচাৰ
মফিজুদ্দিন চৌধুৰী
ছোটহয়বৰ, নগাঁও
বাছত উঠি সমুখৰ খালি ছিট এটাত বহিবলৈ লওঁতেই কাষত বহি থকা যাত্ৰীজনে মাত লগালে—
“ইয়াত বেলেগ মানুহ আছে। আপুনি পিছৰ ছিটত বহকগৈ।”
মনটো বেয়া লাগি গ'ল। তেওঁ নকলেও মই খালি হৈ থকা পিছৰ ছিটতে বহিব লাগিব। অকণমান খঙো উঠিল। কিন্তু কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলোঁ।
বহু সময় অপেক্ষা কৰি দেখিলোঁ— তেওঁৰ লগৰীয়াজন এতিয়াও আহি পোৱা নাই। বাছ এৰি দিয়াৰ শেষ মুহূৰ্তত হুৰমুৰকৈ উঠি অহা যাত্ৰী এজনক তেওঁ বহিবলৈ দিলে। মানুহজনে খিৰিকীৰ কিনাৰত বহিবলৈ বিচৰাত তেওঁ উঠি আহি যাত্ৰী অহা-যোৱা কৰা ৰাস্তাটোৰ কাষৰ ছিটত বহিলহি। ইতিমধ্যে দুবাৰমান তেওঁ মোৰ ফালেও চালে।
তেওঁলোকৰ কথা-বতৰাৰ পৰা গম পালোঁ, দুয়োজনৰ মাজত চিন-পৰিচয় নাই। এজনক হঠাতে বহুৱাব লাগে বাবেই বহুৱাইছে। মই মনে মনে ক্ষুন্ন হ’লোঁ।
মনত খু-দুৱনি এটা ৰৈ গ’ল— কাক বা বহুৱাব খুজিছিল? মোক কি কাৰণে বেয়া পালে বাৰু মানুহজনে?
বৰ গৰম পৰিছে। যাত্ৰীৰো ভিৰ হৈছে। মানুহবোৰ ঘামত তিতি গৈছে। গাড়ী চলিবলৈ লোৱাত সকলোৱে স্বস্তি অনুভৱ কৰিলে।
অলপ দূৰ যোৱাৰ পাছতেই ঠিয় হৈ থকা সৰু ছোৱালী এজনীয়ে বমি কৰি দিলে। তাৰেই অলপ আমাৰ পূৰ্বৰ যাত্ৰীজনৰ গাতো পৰিলগৈ। মোৰ পেটে পেটে হাঁহি উঠিল। মই সেইখিনি ঠাইতে বহিব খুজিছিলোঁ।
‘ঈশ্বৰে যি কৰে ভালেই কৰে।’ মই মনে মনে তেৰাক ধন্যবাদ জনালোঁ।
গাড়ী গন্তব্যস্থল পালেগৈ। সকলোৰে লগত ময়ো নামি আছোঁ। তেনেকুৱাতে মোৰ পিছফালৰ পৰা লৰা এটাই হক্ হকাই মোৰ পেন্টতেই বমি কৰি দিলে। আঠুৰ পৰা আৰম্ভ কৰি চেন্দেল, ভৰি সকলো লেতেৰা কৰি পেলালে।
মই আতংকত চিঞৰ মাৰি দিলোঁ। দেখিলোঁ, সকলোৰে দৃষ্টি মোৰ ওপৰত নিবদ্ধ।

No comments:
Post a Comment