নিসংগতা
কৃষ্ণা দাস হাজৰিকা
টিয়ক, যোৰহাট
উদ্বিগ্নতাৰে হাতত ফিকা চাহৰ পিয়লালৈ
অপেক্ষা কাঁচিয়লিলৈ
ফিকা চাহৰ ধোঁৱাই দেখালে
অতীতৰ মধুৰ স্মৃতিৰ নৃত্যনটিকা,
গুপুত ব্যথাবোৰে
কিমান যে গীত ৰচিলে মনৰ দলিচাত
নিসংগতাৰ দোলনত দোলি দোলি
হাঁহিবোৰে মনে মনে উপহাস কৰিলে,
বেলিটি ভটিয়নী,
ৰ'দ জাকৰ কাষতে বহি দিলোঁ,
সিহঁতেও সঁচা মিছা দোলনত
খেলি খেলি খহি পৰিলে,
চকুহালেও মোক ঠগিব ধৰিছে,
অদৃশ্য নিসংগতাৰ কোলাহলে
কাণৰ পৰ্দাত বিকট শব্দ কৰিছে,
বিয়লিবেলাৰ যৱনিকাৰ সময় পালেহি,
নিসংগতা কেৱল নিসংগতা।।
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment