লঠঙা ফাগুন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

লঠঙা ফাগুন

 

লঠঙা ফাগুন


                    সদানন্দ পাটগিৰি


তোমাৰ আগমণৰ

বতৰা পায়

সৰাপাতে মাটি ছোলেই,

তোমাৰ লঠঙা উমে

ন পাতৰ- ন ফুলৰ

অংকুৰণৰ বীজ দিলেই।

আলি আঃয়ে লৃগআঙত

গুমৰাগৰ ৰজনজনাই

তুমি আহিলে,

শিমলু জোপা

ৰঙেৰে ৰাঙলী নাই

তুমি নাহিলে।

তোমাৰ কোলাতে

সাপোন ৰচে

ৰাধা-কৃষ্ণৰ দৌলযাত্ৰা,

তোমাৰ প্ৰেমত

পৰশ পৰি

জীৱন গঢ়ে জীৱনযাত্ৰা।

সেইবাবেই তোমাক

ক’ব খোজে-

বলিয়া ফাগুন

উন্মনা ফাগুন

ৰাঙলী ফাগুন

লঠঙা ফাগুন

আৰু বা কি দিব।।।


Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages