ফাগুনী মালিতা….
অনুপ অসমীয়া
তুমি চুই যোৱা যৌৱন
তৃণমূল কবিতা
তুমি ফুটুকী কোমল
হৰিণী মালিতা……
তুমি ধূলিয়ৰি চঞ্চল
অশান্ত আপোন
খোজে প্ৰতি সৰাপাত
শিমলুৰ যৌৱন…..
তুমি কালিদাসৰ ঋতুসংহাৰ
পলাশী মৌপিয়া
বহুৰঙী আবিৰৰ ফল্গুৎসৱ
কৃষ্ণৰ ৰাধা…..
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment