প্ৰদূষণ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, April 30, 2026

প্ৰদূষণ

 

প্ৰদূষণ


              সঞ্জীৱ সাগৰ চৌধুৰী


যি য’ত যেতিয়া যিমান থাকিব লাগে

তাৰ হেৰফেৰ হোৱা মানেই প্ৰদূষণ


বতাহত বেছি হ’লেই কাৰ্বন

যিদৰে প্ৰদূষণ

বাঢ়িলেই বীজাণু

প্ৰদূষণ পানীৰো সেইদৰেই


এতিয়া ব’হাগ

গছে-পাতে যৌৱন

আকাশে-বতাহে ভালপোৱা

অথচ দূৰ ক’ৰবাৰ পৰা আহি আছে প্ৰদূষণ

“এই দেহ ক্ষণভঙ্গুৰ, মায়াময় সংসাৰ…”

প্ৰাৰ্থনাৰ সময়ত মোবাইলৰ ৰিংট'নত বাজি উঠা

“জিলে জিলে অ’ জিলে লে”ৰ দৰেই ইও প্ৰদূষণ


প্ৰদূষণ যিদৰে জুবিনদাৰ গীত সুৰসলাই গোৱাটো

প্ৰদূষণ সেইদৰে অ’ৰ চিগা চুলি ত’ৰ চিগা চুলিৰে বন্ধা নেঘেৰীখোপাযেন কবিতাও


ফাকুৱাত যিদৰে এনেয়েই ফাকু নেখেলাটো প্ৰদূষণ

সেইদৰে গাড়ীৰ চকাই বোকা চটিয়াই যোৱাটোও প্ৰদূষণ


আচলতে লেতেৰা মানেই প্ৰদূষণ নহয়

বৰফৰ দৰে শুভ্ৰ অথবা

আইনাৰ দৰে স্বচ্ছ হ’লেও হ’ব পাৰে প্ৰদূষিত


মানুহে সেয়ে চ্যুট পিন্ধা সকলো মানুহক ভদ্ৰ বুলি ভুল কৰে

ভকত বুলি ঠগ খাই সকলো ধূতি-চেলেং লোৱা মানুহক


আৰু চোৰ-দগাবাজ বুলি সন্দেহ কৰে দুখীয়া মগনীয়াক


আৰু এনেকৈয়েই সাৰি যায় আচল প্ৰদূষক

যি প্ৰদূষিত কৰে বায়ু পানী মাটি

দেহ মন প্ৰেম সপোন জীৱন সকলো

আনকি সময়ো


আৰু আমি মন্থৰ বিষক্ৰিয়াত

পৰি নিজেই প্ৰদূষিত হৈ

ভুগিব লগা হয় চকু-কাণৰ-নাকৰ এলাৰ্জিত

আৰু এসময়ত পৰিব লগা হয় মহাৰোগত


আৰু এদিনাখন হৈ পৰোগৈ নিজেই প্ৰদূষক!


Doksiri দকচিৰি, মে, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages