কুশলে আছানে আই - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, April 30, 2026

কুশলে আছানে আই

 

কুশলে আছানে, আই ?


                                      নাছিৰ আহমেদ

                                         গোৱালপাৰা


কুশলে আছানে, আই ?

তোমাৰ অধম সন্তান মই কাতৰে মাতিছো :

লঘোণীয়া পেটে 

কুশলে আছানে,আই ?


মোৰ মূৰত এদম ঋণৰ গধুৰ বোজা

দ্ৰব্যৰ জুই ছাই দামে মোৰ সৰ্বশৰীৰ কৰিছে কোঙা।

এমুঠি খাদ্য, এখন বস্ত্ৰ আৰু আশ্ৰয়ৰ সন্ধানত

আৰম্ভ হৈছে পৃথিৱীৰ প্ৰান্তে প্ৰান্তে মোৰ অবিৰাম যাত্ৰা —

কেতিয়াবা কয়লাখনিৰ বুকুত ডুব দি কয়লা খান্দিছোঁ,

কেতিয়াবা সাগৰৰ তলিত শামুকৰ পেটত মানিক বুটলিছোঁ,

কেতিয়াবা চলন্ত ট্ৰেইনৰ ই ডোবাৰ পৰা সি ডোবালৈ কান্ধত বস্তু কঢ়িয়াছোঁ;

আকৌ হিমালয়ৰ পাদদেশত থিয় হৈ দেশৰ প্ৰহৰী সাজিছোঁ।

এনেকৈ চলিছে মোৰ দুৰ্বিসহ যাত্ৰা —

জীয়াই থকাৰ তাড়নাত

খাদ্যৰ নামত গিলিছোঁ মহামাৰীৰ বীজ,

বস্ত্ৰৰ নামত পিন্ধিছোঁ ভাৰতৰ মানচিত্ৰ,

আশ্ৰয় বিচাৰি ঘূৰিছোঁ দিহিঙে দিপাঙে।


আকৌ, চাৰিওদিশে কেৱল অস্ত্ৰৰ ঝনঝননি,

সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণ,

অন্যায়, অত্যাচাৰ, ব্যাভিচাৰ, শোষণ,  হত্যা, লুট আৰু ধৰ্ষণ !

মোৰ শৰীৰ হ'ল ক্ষত-বিক্ষত, তেজেৰে লুতুৰি-পুতৰি !


শান্তি ক’তেনো বিচাৰি পাওঁ ?

তোমাৰ অধম সন্তান মই কাতৰে মাতিছোঁ লঘোণীয়া পেটে ----

কুশলে আছানে,আই ?

তোমাৰ স্নেহভৰা কোমল কোলাত দিয়া ঠাই,

দুহাতেৰে মচি দিয়া মোৰ লুণীয়া চকুলো,

কাপোৰৰ আঁচলেৰে দিয়া হৃদয়ৰ যাতনা গুচাই

 

তোমাৰ বাহু-বন্ধনত মোক সাৱটি ধৰা!

তোমাৰ বাহু-বন্ধনত মোক সাৱটি ধৰা!!


কুশলে আছানে, আই ?


Doksiri দকচিৰি, মে, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages