এক অপমৃত্যুৰ কবিতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, April 30, 2026

এক অপমৃত্যুৰ কবিতা

 

এক অপমৃত্যুৰ কবিতা 


                                    ছিম্পল শইকীয়া 

                              গুৱাহাটী বিশ্বিদ্যালয় 


কালিলৈৰ পৰা প্ৰেম নিষিদ্ধ

কালিলৈৰ পৰা নিষিদ্ধ হ’ব প্ৰেমৰ লেনদেন,

হিয়া দিয়া-নিয়াৰ ঘাইপথত এতিয়া শ্মশানৰ মৌনতা।

2 নং বাছ ষ্টপেজত যেন এক অদৃশ্য বিস্ফোৰণ

কুটিল ক্ষমতাৰ মেৰপাকত বিবস্ত্ৰ আজি

এটা লাজ লগা সমাজৰ মুখ।

বুৰঞ্জীৰ ধূলিয়ৰি পৃষ্ঠাত লিপিৱদ্ধ নোহোৱা এক ব্যথা,

দুৰ্নীতিৰ তৰপ তৰপ চোলা পিন্ধা এই সংস্কৃতি;

যাক ঢাকিবলৈ অপাৰগ কোনো এক ঋতুৰ বসন্ত।

অলস দুপৰীয়াবোৰত মানুহবোৰ উন্মাদ হৈ উঠে

কল্পনাৰ আকাশৰ পৰা মণি-মুকুটা টানি-আঁজুৰি

নিজৰ বোকোচাত ভৰাবলৈ।

কিয়নো, এই উৰ্বৰ বাস্তৱৰ মাটিত

স্বপ্নৰ চোন আজিকালি কোনো নীলাম নাই।

এতিয়া নক’ব কবিতা হেনো অপমৃত্যু!

উৰুখা পঁজাৰ ফুটাইদি আকাশৰ তৰা গণি গণি,

ভোকাতুৰ পেটেৰে টোপনিক সাৱটি লোৱাটোৱেই য’ত ভাগ্য;

সেই ভোগবাদী সমাজৰ বিষাক্ত ধোঁৱাত

উশাহবোৰেও আজিকালি চটফটাইছে ।


Doksiri দকচিৰি, মে, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages