ক’নেং ঐ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, April 30, 2026

ক’নেং ঐ


 ক’নেং ঐ


                      ৰঞ্জয় হাজং

            কৰৈবাৰী, ধেমাজি


ক’নেং ঐ

তোমাকে দেখাৰে পৰা,

নিগৰি আহে এটি সুৰ‌,

হ’বানে তুমি আইপা মেনাং মোৰ।


ফাগুনত যাম লিগাং চাবলৈ,

বিগাচেং গাতে ল'বলৈ 

দিবানে তুমি আচিনায়াং হৃদয়লৈ।


ক’নেং ঐ 

প্ৰতি ক্ষণে বাঢ়ি আহে তৃষ্ণা,

নাজানো এইয়া দিন নে নিশা।


তোমাৰে ঘৰৰ

পৰ আপং,‘নগিন’আপংৰ সুৱাসে আমনি কৰে,

উলাহতে মন ভৰে।


ঢোলৰ চাপৰতে,

তোমাৰ ভাৱনাতে,

ভাহি আহে 

ঐনিতমৰ সুৰ,

ক’নেং ঐ 

হ’বানে তুমি আইপা মেনাং মোৰ।


Doksiri দকচিৰি, মে, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages