অৰণ্য - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, April 30, 2026

অৰণ্য

 

অৰণ্য 


               মনালিচা ৰাজবংশী

                আন্ধেৰীঘাট, দৰং 


সেউজী অৰণ্যখনি দূৰৰ পৰা 

দেখিবলৈ যে বৰ শুৱনি 

তাত থাকে চাগে বনৰীয়া 

জীৱ-জন্তু, 

অৰণ্যখনিৰ কাষেৰে হয়তো 

বৈ যাব পাৰে নৈ,


অৰণ্যখনি হয়তো কেতিয়াবা 

সজীৱ, কেতিয়াবা নিৰ্জীৱ


অৰণ্যখনিৰ মাজতো চাগে 

থাকে কাঁইট,


মানুহৰ মনটো যেন 

এখনি অৰণ্য,

হয়তো মনৰ অৰণ্যখনিৰ 

মাজেৰে বৈ যায় 

এখনি নৈ!

 বৈ যায় এখনি নৈ!


Doksiri দকচিৰি, মে, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages