বিশ্বাসঘাটক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, April 30, 2026

বিশ্বাসঘাটক

 

বিশ্বাসঘাটক


দিব্যজ্যোতি চৌধুৰী

নগাঁও


    টেবুলৰ উপৰত ৰিং হৈ থকা মোবাইল ফোনটোলৈ চালে জুৱেলে। হিমাৰ ফোন। ফোনটো ৰিং হৈ হৈ অলপ সময়ৰ পাচত নিৰব হৈ পৰিল। ৰিচিভ নকৰিলে সি। 

      প্ৰকৃততে হিমাই ফোন কৰিলে বেয়া নাপায় জুৱেলে। বৰঞ্চ সি অলপ আপ্লুতহে হয়। কিন্তু আজি গোটেই দিনটো হিমাৰ ফোন ৰিচিভ নকৰে বুলি সি মনস্থ কৰিছে। সি বেৰত ওলোমাই থোৱা ঘড়ীটোলৈ চালে। পুৱা সাত বাজি দহ মিনিট গৈছে। বাহিৰত সৰু ভনীয়েক ৰিয়াই ডাঙৰকৈ হাঁহি মৰা শুনিলে জুৱেলে। শুৱাৰপৰা এবাৰ উঠি পুনৰ শুই পৰিল জুৱেল। এইবাৰ হিমাই ফোন কৰিলে সি ফোন ৰিচিভ কৰি কি কব মনতে এটা প্লেন কৰিবলৈ চকু মুদিলে জুৱেলে। 

      জুৱেল ভড়ালী এজন প্ৰতিষ্ঠিত ধনী ব্যৱসায়ী।"জুৱেল" হাৰ্ডৱেৰৰ মালিক তেওঁ। তাৰোপৰি চহৰখনত আৰু দুটা ব্যৱসায়িক প্ৰতিষ্ঠান আছে জুৱেল ভড়ালীৰ। ত্ৰিশৰ দেওনা পাৰ হোৱা জুৱেল এজন সবল সুঠাম ডেকা ল'ৰা। দুজনী ভনীয়েক তেওঁৰ। ডাঙৰজনীক বিয়া দিলে। সৰুজনী ৰিয়াৰ বয়স বৰ্তমান চৌব্বিশ বছৰ। ৰিয়াক বিয়া দিয়াৰ পাচতহে জুৱেলে বিয়া পাতিব। অৱশ্যে এই সিদ্ধান্ত জুৱেলৰ মাকৰহে। জুৱেলে মাকৰ সিদ্ধান্তক সন্মান জনায়ে বিয়া নকৰোৱাকৈ আছে। জুৱেলৰ মন আছিল নিজৰ বিয়াখন পাতিবলৈ। তাৰ নলে-গলে লগা বন্ধু অংকিতে পাঁচ বছৰৰ আগতে বিয়া পাতিলে। অংকিতৰ সন্তানেই এতিয়া চাৰি বছৰীয়া হৈ তাক আংকল বুলি মাতিব পৰা হল। 

      তাৰ প্ৰিয় বন্ধু অংকিতৰে পত্নী হিমা। হিমা মানে হিমাশ্ৰী কলিতা। অংকিতে অসম চৰকাৰৰ বন বিভাগত চাকৰি কৰা বাবে চাকৰি সূত্ৰে প্ৰায়ে বাহিৰতে থাকে। দুই তিনিমাহৰ মূৰে মূৰে আহে ঘৰলৈ। অংকিত ঘৰলৈ আহিলেই জুৱেলৰ কাষলৈ দৌৰি আহে। অংকিত ঘৰত থকা দিন কেইটাত প্ৰায়েই জুৱেলে অংকিতৰ ঘৰত ভাত খাব লগা হয়। মাজে মাজেহে ড্ৰিংক কৰা জুৱেলে সেই কেইটা দিনত অংকিতক সংগ দিবলৈ সদায় সন্ধিয়া এলকহল গিলিব লগা হয়। কাৰণ অংকিতে সন্ধিয়া হলেই মদৰ আশ্ৰয় লয়। 

     অংকিত ঘৰত নথকাৰ বাবেই অংকিতৰ ঘৰৰ কিছুমান কাম জুৱেলে কেতিয়াবা কৰি দিব লগা হয়। কেতিয়াবা অংকিতৰ দেউতাকৰ প্ৰেচাৰৰ টেবলেট আনিব লগা হয় জুৱেলে, কেতিয়াবা ঘপকৈ আলহী আহিলে মাছ-মাংসৰ বজাৰ কৰি দিব লগা হয়। হিমাই প্ৰায়ে ফোন কৰে জুৱেললৈ। অংকিতেও মাজে মাজে জুৱেলক ফোন কৰি এইটো কৰি দে, সেইটো আনি দেছোন বুলি ফোন কৰে। বেয়া নাপায় জুৱেলে। তাৰ ব্যস্ততাৰ মাজতে সি অংকিতৰ ঘৰৰ ফৰমাইচবোৰ পুৰা কৰি দিয়ে। কাৰণ দুয়ো নলে-গলে লগা বন্ধু। 

     অংকিতে পঁচিশ বছৰ বয়সতে বিয়া কৰাইছিল। কাৰণ তাৰ মাক বৰ বেমাৰী আছিল। তাৰোপৰি ঘৰৰ একমাত্ৰ সন্তান আছিল অংকিত। সেয়ে মাকৰ সহায় হওক বুলিয়ে চাকৰি পোৱাৰ এবছৰৰ পাচতে অংকিতৰ বিয়া পাতিছিল মাক দেউতাকে। অংকিত আৰু হিমাৰ বিয়াৰ এবছৰৰ পাচত এজনী ছোৱালীৰ জন্ম হৈছিল। 

      হিমাৰ প্ৰতি অলপ দূৰ্বলতা আছে জুৱেলৰ। হিমা বৰ সুন্দৰী। হিমাৰ বৈ পৰা চেলাউৰী, ধুনীয়া নাক আৰু আৱেদনময়ী শৰীৰে কেতিয়াবা বিচলিত কৰে জুৱেলক। কিন্তু তেনে মূহুৰ্তত অংকিতৰ মুখখন মনলৈ আহে জুৱেলৰ। তেনেসময়ত নিজকে বৰকৈ ধিক্কাৰ দিয়ে জুৱেলে। নাই, জুৱেল ইমান বিশ্বাসঘাটক হব নোৱাৰে। মানুহৰ দুৰ্বলতাৰ সুযোগ কোনোদিন নলয় জুৱেলে। তেনে মূহুৰ্তবোৰত নিজকে ধিক্কাৰ দিয়াৰ লগতে প্ৰবোধ দিয়ে জুৱেলে। হিমাক বহুত ভাল ব্যৱহাৰ কৰে সি। কোনো বেয়া কথা, বেয়া চাৱনিৰে আজিলৈকে হিমাক ব্যতিব্যস্ত কৰা নাই জুৱেলে। সেয়ে চাগৈ হিমাই তাৰ ওচৰত “কমফৰ্ট ফিল” কৰে। সি ভালপোৱা খাদ্য ৰান্ধি খোৱায়। 

      হিমাই কোনো কাৰণত ফোন কৰিলে জুৱেল আপ্লুত হয়। কিন্তু হিমাৰ উপৰত তাৰ কেইবাবাৰো প্ৰচণ্ড খং উঠিছিল। জুৱেলে মনত পেলাবলৈ চেষ্টা কৰিলে। সেইদিনাও আজিৰ দৰে ৰাতিপুৱাই হিমাৰ ফোন আহিছিল। সি ফোনটো ৰিচিভ কৰিছিল। 

: হেল্ল’ হিমা..... 

: জুৱেলদা ক’ত আছে?-- ফোনত হিমাৰ উৎকণ্ঠিত কণ্ঠস্বৰ ভাঁহি আহিছিল। 

: শুৱাৰপৰা উঠাই নাই মই। কি হ'ল কোৱাছোন!---জুৱেলেও উৎকণ্ঠাৰে সুধিছিল। 

: আপোনাৰ মনালিচা ৰিক্সা এখনত ল'ৰা এটাৰ লগত উঠি হাঁহি হাঁহি গৈ থকা দেখিলো দেখোন..... 

: কি... ক'ত... কেতিয়া?---জুৱেল জপিয়াই বিচনাৰপৰা উঠি গৈছিল। 

: এইমাত্ৰ আমাৰ গলিয়েদি আমাৰ ঘৰৰ সন্মুখেদিয়ে গৈছে..... 

     হিমাৰ কথা শেষ নহওতেই জুৱেলে পেন্টৰ পকেটত মোবাইলটো ভৰাই চাৰ্ট এটা পিন্ধি টেবুলৰ ওপৰত থকা বাইকৰ চাবিটো লৈ দৰ্জা খুলি বাইকখন লৈ ধুমুহাৰ গতিৰে উলাই গৈছিল। জুৱেলৰ ঘৰৰপৰা আধা কিল'মিটাৰ দূৰত হিমাৰ ঘৰ। একেটা গলিতে অংকিত আৰু জুৱেলৰ ঘৰ। এটা উশাহতে জুৱেল গৈ অংকিতৰ ঘৰৰ গেটৰ সন্মুখ পাইছিলগৈ। হিমাই হাতত ঝাড়ুডাল লৈ ঠিয় হৈ আছিল। 

: ইয়াত ৰব নালাগে আপুনি, যাওক সোনকালে। ৰিক্সাখন বেছি দূৰ যোৱা নাই।---ৰৈ যোৱা জুৱেলক উদ্দেশ্যি হিমাই কৈছিল। জুৱেলে একো নকৈ তীব্ৰ গতিৰে বাইক চলাই হিমাৰ সন্মুখৰ পৰা আতৰি গৈছিল ৰিক্সাখন লক্ষ্য কৰি। 

      জুৱেল মনালিছা শইকীয়া নামৰ এজনী ছোৱালীৰ প্ৰেমত পৰিছিল। কিন্তু ছোৱালীজনী বহুত বেছি চঞ্চল আছিল। জুৱেলে পাচত জানিব পাৰিছিল যে মনালিছাই আৰু এটা ল'ৰা ভাল পায়। সেই ল'ৰাটোৰ লগতো হেনো মনালিছা ডেটিংত যায়। জুৱেলে কেইবাদিনো অনুসন্ধান কৰিছিল, কিন্তু ধৰা পেলাব পৰা নাচিল। সেয়ে হিমাই ফোন কৰোতেও সি ধুমুহাৰ গতিৰে আহিছিল। মনালিছাৰ কথাবোৰ হিমাক সিয়ে কৈছিল। 

     তীব্ৰ গতিৰে যোৱা জুৱেলৰ বাইকখনে গলিয়েদি গৈ থকা ৰিক্সাখনৰ বাট আগুচি ধৰিছিল। বাধ্য হৈ ৰিক্সাৱালাটোৱে ৰিক্সাখন ৰাখি দিছিল। কিন্তু ৰিক্সালৈ চকু যোৱাত জুৱেল চমকি উঠিছিল। ৰিক্সাত মনালিছা আৰু তাইৰ প্ৰেমিকটো নাচিল। ৰিক্সাত বহি আছিল ৰাতিপুৱাই বাচ ষ্টেণ্ড পৰিস্কাৰ কৰিবলৈ যোৱা চুটি-চাপৰ হৰিজন মহিলাজনীহে। বাট আগুচি ধৰা দেখি মহিলাজনীয়ে তামোল খাই ৰঙা কৰা সেৰেঙা দাত কেইটা উলিয়াই জুৱেললৈ চাই হাঁহিছিল। জুৱেলৰ খঙে মূৰৰ চুলিৰ আগ পাইছিলগৈ। 

: কি হল বাবু.... 

: অ তইহে.... 

: কোনোবা গাভৰু ছোৱালী বুলি ভাবিছিল হবলা।---তিৰোতাজনীয়ে মুখ টিপি হাঁহিছিল। জুৱেলে ৰিক্সাৱালাক আগত বেলেগ ৰিক্সা গৈছেনেকি সুধিছিল আৰু ৰিক্সাৱালাই নাই যোৱা বুলি কৈছিল। জুৱেল ঘূৰি আহিছিল আৰু অংকিতৰ ঘৰৰ সন্মুখ পাই গেটৰ বাহিৰে বাইকখন থৈ ভিতৰলৈ সোমাই গৈছিল। অংকিতৰ মাক বাহিৰতে বহি আছিল। 

: হিমা ক'ত গল খুড়ী?---জুৱেলে খঙেৰে সুধিছিল। 

: তাই বাথৰুমত সোমাইছে। তোক দিলেনে?---অংকিতৰ মাকে সুধিছিল। 

: কোনে? কোনে কি দিলেনো মোক?---জুৱেলে আচৰিত হৈ সুধিছিল। 

: তোক কিবা ফুল দিওগৈ বুলিহে কৈছিল হিমাই।---অংকিতৰ মাকে কৈছিল। 

: মোক ফুল দিব! ---জুৱেল হতবাক হৈ পৰিছিল। 

: অ কিবা এপিল ফুল নে চেপিল ফুল জানো কি কলে পাই.....ক'ত ৰুবিনো..... 

     জুৱেলৰ সন্মুখৰপৰা ৰহস্যৰ জালখন আতৰি গৈছিল। তাৰ বহুত খং উঠিছিল। হিমাই তাক এপ্ৰিল ফুল বনালে। তেতিয়াহে তাৰ মনত পৰিছিল যে সেইদিনা এক এপ্ৰিল আছিল। হিমাক গালি পাৰিবলৈ জুৱেলৰ বহুত মন গৈছিল। কিন্তু বাথৰুমত সোমাইছে বুলি কোৱা কাৰণে জুৱেল ভিতৰলৈ নগৈ মনৰ খং মনতে সামৰি তাৰপৰা গুচি আহিছিল। সেইদিনা সি হিমাকো ওলোটাই এপ্ৰিল ফুল দিবলৈ আপ্ৰান চেষ্টা কৰি বিফল হৈছিল। 

    অংকিতে হিমাক বিয়া কৰোৱা পাঁচ বছৰ হল। এই পাঁচ বছৰৰ চাৰিটা এক এপ্ৰিলত হিমাই ধাৰাবাহিকভাৱে জুৱেলক এপ্ৰিল ফুল দি আহিছে। পাচৰ বছৰটোৰ এক এপ্ৰিলৰ দিনটোত পাইকাৰী মাছৰ বজাৰৰপৰা ৰাতিপুৱাতে মাছ কিনিবলৈ উলাই অহা জুৱেলক ৰাস্তাতে হিমাই লগ পাইছিল। 

: কলৈ যোৱা?---হিমাক সুধিছিল জুৱেলে। 

: দোকানৰপৰা আহো। ঘৰত চেনি, চাহপাত একো নাই। মোক বান্দীহে আনিলে।---হিমাই খঙেৰে কৈছিল। 

: কি হৈছে কোৱাছোন.... 

: আমাৰ ঘৰলৈ গৈ সোধকগৈছোন। আপোনাকো যোৱাকালি বহুত গালি পাৰি আছিল দেউতাই.... 

: মোক? মোক কিয় পাৰিছে খুড়াই..... 

: সোধকগৈ আকৌ। আপুনি কিবা ঠগিলে বোলে দেউতাক.... 

: হা! মই ঠগিলো..... 

      জুৱেলে অংকিতৰ দেউতাকক কি ঠগিলো সুধিবলৈ গৈ দ্বিতীয়বাৰৰ বাবে এপ্ৰিল ফুল বনি বাহিৰলৈ হিমাক গালি পাৰিবলৈ উলায় আহি ৰাস্তাত হিমাক বিচাৰি পোৱা নাচিল। 

     তৃতিয়টো বছৰৰ এক এপ্ৰিলৰ দিনা ৰাতিপুৱা হিমাৰ ফোন আহিছিল। 

: হেল্ল’ হিমা, কোৱা.... 

: ইটাৰ হাজাৰত দাম কিমান জুৱেলদা?---হিমাই কৈছিল। 

: এঘাৰ হাজাৰ। কিয়?---জুৱেলে সুধিছিল। 

: এহেজাৰ ইটা, চিমেন্ট পোন্ধৰ বেগ আৰু বালি চয় চিএমত কিমান হব কওক। পাছফালৰ ৱালখন দিব লাগে আৰু দুটামান কাম আছে। হাফ ইঞ্চি গিটি লাগিব তিনি চিএম। হিচাপটো কওক। 

: ৰবা তেন্তে।---জুৱেলে হিচাপ কৰিবলৈ কেলকুলেটৰটো চপাই আনিছিল। 

: চব্বিশ হাজাৰ পাঁচশ টকা হব। কেতিয়া লাগিব মালখিনি?---জুৱেলে সুধিছিল। 

: আজিয়ে লাগিব। আপুনি লেবাৰ লগাই গাড়ী ৰেডি কৰক। ন বাজিত মিস্ত্ৰী পাবহিয়ে। টকা আজিয়ে পঠায় নে কেতিয়া পঠায় আপোনাৰ বন্ধুক ফোন কৰক এতিয়াই। 

: বাৰু হব দিয়া। মই অংকিতক এতিয়াই ফোন কৰো ৰবা।---জুৱেলে হিমাৰ ফোন ৰাখি অংকিতলৈ ফোন কৰিছিল। জুৱেলৰ কথা শুনি অংকিতে ঢেক ঢেকাই হাঁহিছিল। 

: অলপ আগত ফোন কৰি হিমাই তোক এপ্ৰিল ফুল দিব বুলি মোক কৈছিল। নালাগে চিমেন্ট বালি একো।--- অংকিতে হাঁহি হাঁহি কৈছিল। অংকিতৰ ফোন কাটি হিমাক গালি পাৰিবলৈ জুৱেলে হিমালৈ ফোন কৰিছিল। কিন্তু হিমাই ফোন ৰিচিভ কৰা নাচিল। 

    অংকিতৰ বিয়াৰ পাচৰ চাৰি নম্বৰৰ এক এপ্ৰিলটোতো জুৱেলক এপ্ৰিল ফুল বনাইছিল হিমাই। এখন বিয়াত জুৱেলে লগ পোৱা হিমাৰ দূৰ সম্পৰ্কীয় ভনীয়েক এজনীক জুৱেলৰ পচন্দ হৈছিল। বিয়াঘৰতে জুৱেলৰ লগত ছোৱালীজনীক হিমাই পৰিচয় কৰাই দিছিল। পাচত হিমাক সেই ছোৱালীজনীৰ ফোন নম্বৰ বিচাৰিছিল জুৱেলে। চাৰি নম্বৰৰ এক এপ্ৰিলৰ দিনটোত ৰাতিপুৱাই সেই ছোৱালীজনীৰ ফোন নম্বৰ দি জুৱেলক ফোন কৰিবলৈ কৈছিল হিমাই। জুৱেলে ফোন কৰিছিল। কিন্তু ফোনত বুঢ়ী মানুহ এজনীয়েহে কথা পাতিছিল। পাচত জুৱেলে গম পাইছিল যে সেই ছোৱালীজনী ইতিমধ্যে বিয়া হৈ গৈছিল। 

       আজি অংকিতৰ বিয়াৰ পাঁচ নং বছৰৰ পাঁচ নং এক এপ্ৰিল। সেয়ে আজি হিমাৰ ফোন ৰিচিভ নকৰে জুৱেলে। আজি সি সষ্টম হৈ আছে। তাক এপ্ৰিল ফুল বনোৱাৰ সুযোগ হিমাক আৰু নিদিয়ে সি। ওলোটাই সি আজি হিমাক এপ্ৰিল ফুল বনাব। মনতে প্লেন বনাই থৈছে জুৱেলে। 

     ফোনটো পুনৰ বাজি উঠাত জুৱেল চক খাই গল। তাৰ চিন্তাত যতি পৰিল। ফোনটোলৈ চালে সি। হিমাৰ ফোন। এইবাৰ সি ৰিচিভ কৰিলে ফোনটো। 

: হেল্ল' হিমা..... 

: কি কৰিছে জুৱেলদা?--- আনটো মূৰৰপৰা হিমাই সুধিলে। 

: শুই আছো। উঠাই নাই।---জুৱেলে কলে। 

: আপুনি যোৱাকালি এখেতলৈ ফোন কৰিছিলনেকি?---হিমাই সুধিলে। 

: নাই কৰা। আজি এবাৰ ফোন কৰিম অংকিতলৈ।---জুৱেলে কলে। 

: এতিয়াই কৰকচোন। যোৱাকালি বোলে বহুত জ্বৰ। ভাতো নাখালে যোৱা ৰাতি। মোৰ বৰ ভয় লাগিছে। হাবিত থকা মানুহ। ডেংগু, মেলেৰিয়াই পোৱা নাইতো!---হিমাৰ কম্পিতস্বৰ ভাঁহি আহিল। জুৱেলে মনে মনে হাঁহিলে। সদায় তাক আৱেগিক কৰি হিমাই তাক এপ্ৰিল ফুল বনায়। 

: আজি নোৱাৰিবা মোক এপ্ৰিল ফুল বনাব।---জুৱেলে মনতে কৈ উঠিল। 

: হিমা.... 

: কওক জুৱেলদা.... 

: সেইবোৰ বেয়া চিন্তা নকৰিবা। একো হোৱা নাই সেইবোৰ। মই এতিয়াই বাৰু ফোন কৰিম। 

: অ কৰকচোন।---হিমাই উৎসাহেৰে কৈ উঠিল। 

: হিমা, তোমাৰ লগত কথা এটা আছিল.... 

: কওক জুৱেলদা.... 

: তুমি বাৰু বেয়া পাবানেকি?---জুৱেলে কৈ উঠিল। 

: নাপাও কওক.... 

: অংকিতকো কব নোৱাৰিবা কিন্তু। ---জুৱেলে কলে। 

: হা, কি কথানো?---উৎকণ্ঠিত কণ্ঠেৰে হিমাই সুধিলে। 

: তুমি যদি কাকো নকও বুলি শপত খোৱা তেতিয়াহে কথাটো তোমাক কম.... 

: অ মাই গড, কি কথানো জুৱেলদা.... কওকচোন বাৰু... 

: আগতে কাকো নকও বুলি শপত খোৱা.... 

: হে ভগৱান.... কাকো নকও দিয়ক জুৱেলদা.... ভগৱানৰ শপত.... 

      হিমা চিৰিয়াচ হৈ পৰা দেখি জুৱেলৰ বহুত ফুৰ্ত্তি লাগিল। আজি চাৰিবছৰে হিমাই তাক বনোৱা এপ্ৰিল ফুলৰ আজি সি মধুৰ প্ৰতিশোধ লব। হিমাক এপ্ৰিল ফুল বনাবলৈ সি আগবাঢ়িল। 

: হিমা.... কাকো নকবা.... তুমি কিন্তু ভগৱানৰ শপত খাইছা দেই.... হিমা....কেনেকৈনো কও..... হিমা..... মই তোমাৰ সান্নিধ্য বিচাৰো অলপ..... হিমা.... এদিনৰ বাবে হলেও তুমি মোৰ হোৱা..... এৰাতিৰ বাবে হলেও..... 

: কি?---আনটো মূৰে হিমাই চিঞৰি উঠিল। 

: ইয়াৰ বাবে মই তোমাক পঞ্চাশ হাজাৰ টকা দিম..... 

: জুৱেলদা.... এইবোৰ কি কৈছে আপুনি.... পাগল হলনেকি আপুনি.... আপুনি এনেকুৱা মানুহেইনে.... বিশ্বাসঘাটক আপুনি.... 

: ঠিক আছে হিমা, মই এক লাখ দিম.... 

: জুৱেলদা,মোক এনে কথা কবলৈ  লাজ নালাগিল আপোনাৰ.....আপুনি আজিৰপৰা আমাৰ ঘৰলৈ নাহিব..... 

: অকে অকে দুই লাখ দিম..... মাত্ৰ ইয়েচ কোৱা.... মই এতিয়াই গুগল পে কৰি দিম..... 

        ফোন কাটি দিলে হিমাই। পৰম শান্তিত জুৱেল জপিয়াই বিচনাৰপৰা উঠি ঠিয় হল। 

: ইয়াহু..... 

      হিমাক এপ্ৰিল ফুল বনাই চিঞৰি উঠিল জুৱেল। 

  

       সময়বোৰ আগুৱাই গল। জুৱেলৰ ফুৰ্ত্তি বেছি সময় নাথাকিল। হঠাৎ এটা কথা ভাবি জুৱেলৰ মাঠা গৰম হৈ গল। খঙৰ ভমকত হিমাই কথাটো যদি অংকিতক কৈ দিয়ে কি হব তেতিয়া! অংকিতে যদি এপ্ৰিল ফুল বুলি মানি নলয়। ফুৰ্ত্তিৰ পৰিৱৰ্তে ভয় হবলৈ আৰম্ভ কৰিলে জুৱেলৰ। এটা সময়ত বিষয়টো বেছিকৈ ভাবি ভাবি জুৱেল অস্থিৰ হৈ পৰিল। নাই, এনে ধেমালিয়ে সৰ্ব্বনাশহে কৰিব। মান-সন্মান সব ধুলিস্যাৎ হব। হিমাক ফোন কৰি এপ্ৰিল ফুলহে বুলি কবলৈ জুৱেলে হিমালৈ ফোন কৰিলে। কিন্তু হিমাই ফোন ৰিচিভ নকৰিলে। জুৱেলে পুনৰ ফোন কৰিলে হিমালৈ। এইবাৰো ফোন ৰিচিভ নহল। 

      দিনটো বহুত চিন্তা আৰু অশান্তিৰ মাজত কটালে জুৱেলে। দিনটোত সি কেইবাবাৰো হিমাক ফোন কৰিছিল। কিন্তু হিমাই ফোন ৰিচিভ নকৰিলে।  সি এবাৰ ভয়ে ভয়ে অংকিতলৈ ফোন কৰিছিল। অংকিতে তাৰ লগত আগৰদৰেই ভালকৈ কথা পাতিছিল। অংকিতৰ লগত কথা পাতি তাৰ কিছু চিন্তা কমিছিল যদিও শংকা আতৰি যোৱা নাচিল। দিনটো সি টেনশ্যনতে একো খাদ্যই ভালকৈ খাব নোৱাৰিলে। কোনো এখন ব্যৱসায়িক প্ৰতিষ্ঠানলৈও নগল সি। ঘৰৰপৰায়ে কৰ্মচাৰীবোৰৰ লগত ফোনতে কথা হল জুৱেলৰ। 

      ৰাতি চাৰে ন বজাত ভাত খাই দহ বজাত বিচনাত উঠিল জুৱেল।  বিচনাত পৰিয়ে জুৱেলে মোবাইলৰ নেট অন কৰিলে। দিনটো নেট অফ আছিল মোবাইলৰ। নেট অন কৰা লগে ৱাটচ এপত বহু মেছেজ সোমাল। ৱাটচ এপৰ মেছেজবোৰ চাবলৈ গৈ চমকি উঠিল জুৱেল। হিমাৰ মেছেজ এটা আছে। ন বাজি ত্ৰিশ মিনিটতে আহিছিল মেছেজটো। হিমাৰ ৱাটচ এপ একাউন্টলৈ গৈ উৎকণ্ঠাৰে মেছেজটো পঢ়িলে জুৱেলে----

: গুগল পেটো কৰি খোজ কাঢ়ি আহি যাওক জুৱেলদা। বাইক লৈ নাহিব। বাকীবোৰ মানুহ সব শুলে......


Doksiri দকচিৰি, মে, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages