মুদ্ৰাৰ ইপিঠি-সিপিঠি
কুণ্ডিল হাজৰিকা
যোৰহাট, টীয়ক
নগৰৰ আটাইতকৈ ব্যস্ত চাৰিআলিত থকা বিশাল শ্বপিং মলটোৰ জিলিকি থকা কাঁচৰ বেৰখন আছিল দুখন পৃথক পৃথিৱীৰ সীমাৰেখা। এফালে শীত-তাপ নিয়ন্ত্ৰিত বিলাসিতা, আৰু আনফালে পিছল ৰাজপথৰ নিৰ্মম বাস্তৱ।
মলৰ ভিতৰত আভিজাত্যৰ পোছাক পিন্ধি আয়ুষ্মান বৰুৱাই কেইবা হাজাৰ টকীয়া জোতাৰ যোৰ বাছনি কৰি আছিল। তেওঁৰ বাবে ব্ৰেণ্ড আৰু মূল্যই আছিল তেওঁৰ পৰিচয়। তেওঁ হাতৰ দামী ঘড়ীটোলৈ চাই বিৰক্তিৰে ভোৰভোৰাই উঠিল “এই ভিখাৰীবোৰৰ বাবে চহৰখনৰ সৌন্দৰ্য নোহোৱা হৈছে।” তেওঁৰ দৃষ্টিত দৰিদ্ৰতা আছিল এক সামাজিক কলংক।
মলৰ ঠিক বাহিৰতে, ভৰিৰ জোতাযোৰ চিগি যোৱাত এখন পুৰণি বস্তাৰ ওপৰত বহি আছিল বুঢ়া মুচী ৰমজান। তেওঁৰ লক্ষ্য আছিল কেনেবাকৈ আজি অন্ততঃ এশ টকা উপাৰ্জন কৰা, যাতে ঘৰত থকা অনাথ নাতিটোক এসাজ খুৱাব পাৰে।
হঠাতে আকাশী মেঘে গোঁজৰণি মাৰিলে আৰু ধাৰাসাৰ বৰষুণ আৰম্ভ হ’ল। আয়ুষ্মান বৰুৱাই বাহিৰত ৰৈ থকা নিজৰ বিলাসী গাড়ীখনলৈ যাবলৈ লওঁতেই তেওঁৰ ভৰি পিচল খালে। তেওঁৰ হাতত থকা দামী ফোনটো চিটিকি গৈ ড্রেইনৰ কাষৰ বোকাত পৰিল। অতি আচৰিত কথা যে যিমানবোৰ দামী জোতা তেওঁ কিনিছিল, সেই মুহূৰ্তত তেওঁক ধৰি ৰাখিবলৈ এযোৰেওঁ সক্ষম নহ’ল। তেওঁৰ দামী চুট-টাই বোকাত লুতুৰি-পুতুৰি হ’ল।
আয়ুষ্মান বৰুৱাই বোকাত হাত থপৰিয়াই ফোনটো বিচাৰি হাবাথুৰি খাইছিল। ঠিক সেই সময়তে বৰষুণত তিতি-বুৰি ৰমজান আগুৱাই আহিল। সি বোকাত হাত ভৰাই অতি সাৱধানে ফোনটো উদ্ধাৰ কৰিলে আৰু নিজৰ পৰিষ্কাৰ গামোচাখনেৰে মচি আয়ুষ্মানৰ ফালে আগবঢ়াই দিলে।
আয়ুষ্মান বৰুৱাই লজ্জিত হৈ পকেটৰ পৰা পাঁচশ টকীয়া নোট এখন উলিয়ালে। ৰমজানে হাঁহি এটা মাৰি ক’লে “দেউতা, টকা নালাগে। আপোনাৰ জোতাযোৰৰ চিলাইটো এৰাইছে, সেইখিনি মই বিনামূলীয়াকৈ ঠিক কৰি দিম। আপুনি দামী জোতা পিন্ধে ঠিক আছে, কিন্তু খোজ দিওঁতে মাটিৰ মায়াখিনি মনত ৰাখিব।”
আয়ুষ্মান বৰুৱা সেইদিনা স্তব্ধ হৈ ৰ’ল। তেওঁ বুজি পালে যে তেওঁৰ ওচৰত থকা টকাবোৰে তেওঁক কেৱল এখন ‘উচ্চ’ আসনহে দিছে, কিন্তু ৰমজানৰ দৰে মানুহৰ ওচৰত থকা ‘উদাৰতা’ তেওঁ কিনিব পৰা নাই। দৰিদ্ৰতা পকেটত থাকিব পাৰে, কিন্তু প্ৰকৃত ঐশ্বৰ্য থাকে মানুহৰ ব্যৱহাৰ আৰু সততাত। সেইদিনা সেই বৰষুণজাকে তেওঁৰ মনৰ পৰা অহংকাৰৰ ধূলিবোৰ ধুই নিকা কৰি পেলালে।
Doksiri দকচিৰি, মে, ২০২৬

No comments:
Post a Comment