সুবিধাভোগী
শৰৎ হাজৰিকা
গোলাঘাট
ধনবল, দানবলৰ প্ৰলোভনত ৰাইজ নিমাত হোৱাটো শুদ্ধ হোৱা নাই। জৰিমনা বিহিব লাগে কাক আৰু বিহিব বিচাৰিছে কাক?। কিন্তু যাৰ এই শক্তি নাই তেওঁলোকক চেপি ধৰে।ৰাইজখন ইমানো সুবিধাভোগী হ’ব নেলাগে।
ৰাইজৰ কামত সহযোগ নকৰা; ৰাইজৰ অনুষ্ঠানত উপস্থিত নথকা বিশেষ ধনবলকেইজনক লৈ কঠোৰ হ’ব নোৱাৰে। অথচ তেওঁলোকৰ প্ৰতি উদাৰতা দেখুৱাৰ যুক্তি ক’ত ? এয়াই নেকি ৰাইজৰ চিন্তা ? ভদ্ৰই এইকথাবোৰ সহ্য কৰিব নোৱাৰি ৰাইজৰ সভাখনত সকলোৰে বাবে এক নীতি হ’ব লাগে বুলি দাবী উত্থাপন কৰিলে।
পিছে মেকুৰীৰ ডিঙিত টিলিঙা আঁৰে কোনে ? নীতিগত কথাটো কোনে কয় ? সভাখনত উপস্থিত থকা জ্যেষ্ঠ কোনেও
মাত নেমাতিলে ৷ সকলোৱে তলমূৰ কৰি থাকিল। ভদ্ৰই
বুজিলে —“জোৰ যাৰ মুলুক তাৰ।”
Doksiri দকচিৰি, মে, ২০২৬

No comments:
Post a Comment