নাজানো ভালপোৱাৰ অংকটো - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, April 30, 2026

নাজানো ভালপোৱাৰ অংকটো

 

নাজানো ভালপোৱাৰ অংকটো


সদানন্দ পাটগিৰি


আৰু… কিমান ভালপালে

            তুমি

   ওচৰলৈ দৌৰি আহি

   আলফুলকৈ সাবটি লবাহি?

আৰু... কিমান হিয়া

         মই

তোমাক উজাৰি দিলে

দুহাত মেলি আকোঁৱালি দিবাহি?

নাজানো মডাৰ্ণতাৰ

    ‘আই লাভ ইউ’

নাজানো ইংৰাজৰ

‘বুকে’লৈ তোমাৰ হাতত

        অৰ্পণ কৰা।

মইটো গাঁৱলীয়া

 হৃদয়ৰ কাৰেঙেৰে

  বুজাব বিচাৰোঁ 

  ‘তুমি মোৰ’-

   ‘মই তোমাৰ’।।

মই নাজানো ফুলে

 কিমান ৰসেৰে পূৰ্ণ হ’লে

  পখিলাৰ আগমন?

মই নোৱাৰোঁ

  মুৰলীধৰৰ দৰে পাৰিজাত

      ল’বলৈ স্বৰ্গ গমন!

আৰু মই নাজানো

   তোমাৰ হৃদয়ৰ কাৰেং

      কালৈ বা মন!!


Doksiri দকচিৰি, মে, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages