সোণালী নদীৰ চকুলো - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, April 30, 2026

সোণালী নদীৰ চকুলো

 

সোণালী নদীৰ  চকুলো


ৰেণু শৰ্মা

ডিব্ৰুগড়


এই নদী নিৰবধি

বৈ আছিল  অবিৰল ধাৰে

বুকুত লৈ ঐশ্বৰ্য্য সম্ভাৰ 


ভটিয়নী সোঁতে বয় কুলু কুলু কৰি,স্বাধীন সুৰত গীত গাই 


দুয়োপাৰে সিঁচিছিল  সোণালী পলস 

শষ্য  শ্যামলা কৰি ধৰণীৰ বুকু।


দেৱতাৰ  বক্ৰদৃষ্টি পৰিল  যিদিনা

সিদিনাই আকাশত  ডাৱৰ জমিল

চৌদিশে ধুমুহা গাজনি

ঘনঘোৰ মেঘৰ গৰ্জন 

প্ৰতিৰোধ  প্ৰতিবাদে কঁপাই  ধৰণী।


সকলোটি হ’ল যে অসাৰ 

ক্ষমতাৰ  জয় আৰু

মূঢ় জনতাৰ  পৰাজয়।


খৰ্ব  কৰি স্বাধীনতা সোণালী নদীৰ 

গতিৰোধ কৰে অভেদ্য বেহুৰে,

অগ্নিগড়ত  বন্দিনী উষাৰ দৰে, কান্দে তাই 

দুচকুৰ চকুলো বোৱাই। 


অ’ মোৰ  সোণালী নদী!

বৈ যা তই।


Doksiri দকচিৰি, মে, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages