বিষাদ
জিতামণি গোস্বামী
নগাওঁ
হঠাৎ বৰদৈচিলা জনীনো ক'ৰ পৰা আহিল, উধাতু খাই বহাগৰ দুপৰীয়া
ভাঙি-মোহাৰি মষিমূৰ কৰি নিলেহি
মোৰ উৰুখা পঁজাতি।
আবিৰৰ ৰংবোৰ নানিবি অ' ককাই
মনে ধৰফৰাই উঠে
মন দৌৰ মাৰে সেই দিনটোলৈ
যিদিনা বৰদৈচিলা জাকে
মোৰ জীৱনৰ পলাশৰ ৰংবোৰ
উৰুৱাই নিছিল
সেইদিন হ'ল এতিয়া ধূলিয়ৰি সময়
চৌদিশ মাথোঁ শুকান শুকান....
Doksiri দকচিৰি, মে, ২০২৬

No comments:
Post a Comment