নিৰ্যাস - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, April 30, 2026

নিৰ্যাস


 নিৰ্যাস


              টিংকুমণি কলিতা

             ঘগ্ৰাপাৰ, নলবাৰী


ৰিংটো দূৰ বাটটো এৰি

উকিটো ৰ’লহি

মই বহি থকা প্লেটফৰ্মটোত।


দোলাটো সাক্ষী হৈ ৰ’ল

অজস্ৰ মানুহৰ

হেতা-ওপৰা

ভিতৰ আৰু বাহিৰত।


কোনোমতে এটা চুকত বহি

মোৰ কেনভাচ পেপাৰ আৰু তুলিকাবোৰ

মোকলাই

এজন মানুহ আকিঁম বুলি

চকুযুৰি ঘূৰালোঁ।


মানুহেৰে হেন্দোলদোপ্ ডবাটোত,

কেৱল ভৰিখন থ’বৰ বাবে অবাইচ শব্দ

লেকামহীন জিভাত।


মোৰ ৰেটিনাত ধৰা পৰিল

এহাল চকু

যি নিমগ্ন

এখন উফন্দা বক্ষত।


মই শুনিলো,

এদল শিক্ষিতৰ

বৈজ্ঞানিক সৃষ্টিৰ পাৰ্শ্চক্ৰিয়াৰ দুৰ্বাদ।


হঠাৎ মই দেখিলো

মোৰ সন্মুখৰ চিটটোৰ ল’ৰাজনৰ ফোনটো বাজিছে।

মোৰ অপৰিচিত এটা ভাষাত সি বাৰ্তালাপ কৰিছে,

আৰু তাৰ কাষত গেৰুৱা ৰংৰ টি-চাৰ্ট পিন্ধা ল’ৰাজন

বিজুলীগতিৰে নিজৰ ঠাই এৰি গৈছে।


এনেতে মোৰ নামনিৰ ষ্টেচনটোত ট্ৰেইনখন ৰ’ল।

ময়ো মোৰ খালি কেনভাচ্‌খন সামৰি

মানুহজনৰ সন্ধানত

দোলাৰ পৰা নামি আহিলোঁ।।


Doksiri দকচিৰি, মে, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages