এণ্ড্ৰইড মবাইলৰ গেলেৰিত
অম্লান অৰুণাভ
চৰাইদেউ
এণ্ড্ৰইড্ মবাইলৰ গেলেৰিত
ছেভ্ কৰি ৰখা,
পুৰণি এলবামবোৰে
কেতিয়াবা মোক
বৰকৈ আমনি কৰে !
তুমি যেতিয়া
পাকঘৰত অকলে বহি....
টিন পাতৰ ফুটা-মুধচৰ পৰা নামি অহা
বহাগৰ প্ৰথম বৰষুণৰ
টোপালবোৰ চাই থাকা।।
Doksiri দকচিৰি, মে, ২০২৬

No comments:
Post a Comment