প্ৰথম ভালপোৱা
ভৈৰৱ কুলি
দহঘৰীয়া, বিহপুৰীয়া
সপোন হওঁক বা দিঠক
তুমিয়েই মোৰ আপোন,
তুমিয়েই মোৰ জীৱন যৌৱনৰ
প্ৰথম প্ৰেমৰ চিনাকী।
তুমি আহিলা মোৰ বাবে
এজাক বৰষুণ হৈ
মোৰ কুমলীয়া যৌৱনৰ
শুকান হৃদয়ক তিয়াবলৈ,
বিচাৰিছোঁ মই তোমাৰ মৌনতা
তোমাৰ প্ৰেৰণা ।
আকৌ কেতিয়া আহিবা
মোৰ কোমল মনৰ পৰশত
বাত চাই ৰ'ম তোমাক
মোৰ জীৱন বাটত,
তোমাৰ প্ৰেমে বলিয়া কৰিলে
মোৰ অবুজ মনক
শিকালে,
প্ৰকৃতিক ভালপোৱা
প্ৰেম কি?
মৰম কি?
নাহা কিয় তুমি মোৰ
হৃদয়ৰ কোমল ঠাইত
নীলিম মৰম লৈ,
থমকি আছোঁ মই
আশাৰ বাটেৰে তোমালৈ ৰৈ
তুমিয়েই যদি নাহা
কোনে যোৰাব মোৰ
জীৱনৰ প্ৰথম ভালপোৱা।
Doksiri দকচিৰি, মে, ২০২৬

No comments:
Post a Comment