ইয়াত এখন পাঠশালা আছিল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, April 30, 2026

ইয়াত এখন পাঠশালা আছিল

 

ইয়াত এখন পাঠশালা আছিল


                                                  ৰমেন কুমাৰ গগৈ

                                                           ঢকুৱাখনা



গধূলিৰ,গধূলিগোপালৰ ঠাই

হাচনাহানাই লোৱা দিনৰে পৰা

মই বেদূইন হ’লো


অঘৰীৰ মানুহবোৰে মাটিত খান্দি আছিল

ইউকেলিপ্তাছৰ শিপা


যাযাবৰী বতাহজাকৰ হাত বাউল—

সেইফালে যাব লাগে


বৰদৈচিলাই মহতিয়াই থৈ যোৱা বুকুৰ তৰাং নদী ঘাটত

বটগছ জোপা চানি ধৰিছে আকাশীলতাই


তাৰ সিপাৰে শিলসাঁকো নামৰ গাঁওখন

গাঁওখনৰ ঘৰবোৰ নাই।

মানুহবোৰ আছে মানুহবোৰ।

ফটা কানিকাপোৰে লজ্জা নিৱাৰণৰ আদি পাঠ শিকা

শিশুবোৰ যেন এজাক বেদূইন বতাহ—


উতপ্ত অশৰীৰী আত্মাৰ বিলাপ

যাযাৱৰী হাঁহি স্ফুলিঙ্গ

ইয়াত এখন পাঠশালা আছিল, পাঠশালা—


Doksiri দকচিৰি, মে, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages