অস্তিত্বৰ নিঃশব্দ বিলীন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, April 30, 2026

অস্তিত্বৰ নিঃশব্দ বিলীন


 অস্তিত্বৰ নিঃশব্দ বিলীন


                                            ৰাহুল চেতিয়া

                                     নিলখ, চিলাপথাৰ


জীৱন যুদ্ধৰ ৰণক্ষেত্ৰত মই আজি পৰাজিত সৈনিক,

অভাৱ আৰু যন্ত্ৰণাৰ বোজা আজন্মৰ লগৰী;

কলিজাৰ নিভৃত কোণত যি সপোন সযতনে ৰাখিছিলোঁ,

সেইয়াই আঁতৰি গ’ল— মোক মৰুভূমি কৰি।

পাবলৈ একো নাই, নোপোৱাৰো নাই আক্ষেপ,

আশাবোৰ এতিয়া মোৰ বুকুৰ মৰিশালিত মৃতদেহ;

বিষ অনুভৱৰ শক্তিও হেৰুৱালোঁ ক্ৰমান্বয়ে,

জঠৰ দেহত কেৱল এতিয়া অৱসাদৰ প্ৰলেপ।

নেদেখা জনৰ ওচৰত মাথোঁ এটাই শেষ মিনতি—

কাৰোবাৰ পুতৌৰ পাত্ৰ হোৱাৰ আগতেই যেন বিদায় আহে;

পৰাধীনতাৰ তীক্ষ্ণ জুইত অন্তৰখন পুৰি কয়লা হ’ল,

এতিয়া জানো তাত কোনো নতুন হেঁপাহ জাগে?

কাৰোবাৰ বাবে বোজা হৈ জীয়াই থকাটো দুৰ্বিষহ,

নিজৰ অস্তিত্ব লৈ নিশ্চিহ্ন হোৱাৰ মোৰ এতিয়া প্ৰাৰ্থনা;

কাৰোবাৰ দয়াতকৈ নিস্তব্ধতাই হওক মোৰ শেষ আশ্ৰয়,

নিঃশব্দে বিলীন হওক এই যন্ত্ৰণাভৰা জীৱনৰ যাত্ৰা।


Doksiri দকচিৰি, মে, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages