অস্তিত্বৰ নিঃশব্দ বিলীন
ৰাহুল চেতিয়া
নিলখ, চিলাপথাৰ
জীৱন যুদ্ধৰ ৰণক্ষেত্ৰত মই আজি পৰাজিত সৈনিক,
অভাৱ আৰু যন্ত্ৰণাৰ বোজা আজন্মৰ লগৰী;
কলিজাৰ নিভৃত কোণত যি সপোন সযতনে ৰাখিছিলোঁ,
সেইয়াই আঁতৰি গ’ল— মোক মৰুভূমি কৰি।
পাবলৈ একো নাই, নোপোৱাৰো নাই আক্ষেপ,
আশাবোৰ এতিয়া মোৰ বুকুৰ মৰিশালিত মৃতদেহ;
বিষ অনুভৱৰ শক্তিও হেৰুৱালোঁ ক্ৰমান্বয়ে,
জঠৰ দেহত কেৱল এতিয়া অৱসাদৰ প্ৰলেপ।
নেদেখা জনৰ ওচৰত মাথোঁ এটাই শেষ মিনতি—
কাৰোবাৰ পুতৌৰ পাত্ৰ হোৱাৰ আগতেই যেন বিদায় আহে;
পৰাধীনতাৰ তীক্ষ্ণ জুইত অন্তৰখন পুৰি কয়লা হ’ল,
এতিয়া জানো তাত কোনো নতুন হেঁপাহ জাগে?
কাৰোবাৰ বাবে বোজা হৈ জীয়াই থকাটো দুৰ্বিষহ,
নিজৰ অস্তিত্ব লৈ নিশ্চিহ্ন হোৱাৰ মোৰ এতিয়া প্ৰাৰ্থনা;
কাৰোবাৰ দয়াতকৈ নিস্তব্ধতাই হওক মোৰ শেষ আশ্ৰয়,
নিঃশব্দে বিলীন হওক এই যন্ত্ৰণাভৰা জীৱনৰ যাত্ৰা।
Doksiri দকচিৰি, মে, ২০২৬

No comments:
Post a Comment