কোনো নাই তোৰ সম বন্ধু - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, April 30, 2026

কোনো নাই তোৰ সম বন্ধু

 

কোনো নাই তোৰ সম বন্ধু


                                         প্ৰেৰণা ৰাজখোৱা


তোক নেদেখা হ’লে

মই মোক নেদেখিলোঁহেঁতেন


তোলৈ নোচোৱা হ’লে

মই মোক চিনি নাপালোঁহেঁতেন


কিমান যে উপকাৰ তোৰ..


আজিকালিতো

উশাহে নিশাহক,

গছে ফলক 

মিছা কোৱাৰ দিন


সঁচা কৱ কেৱল তই

সকলোকে..


ক’ৰবালৈ গ’লে সেয়ে

এবাৰ চাই যাওঁ তোলৈ


সুধি চাওঁ তোক

'মই ঠিকে আছোঁনে?'


বিশ্বাস কৰ

কোনো নাই তোৰ সম বন্ধু..!


ঠিকনা-

তেজপুৰ চিকিৎসা মহাবিদ্যালয়

ফোনঃ ৯৭০৬৩৪০৪৫৮


Doksiri দকচিৰি, মে, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages