ডিজিটেলী
অবিনাশ বাস্তৱ
(ডিজিটেলী বন্ধুত্ব গঢ়ি উঠা সৌৰভ কোঁৱৰৰ হাতত)
অলপতে পূৰ্ণিমা গৈছে।
বেলকনিত বহি আকাশৰ তৰা গণি থকাৰ পৰত,
এনে ঘটনাতো মোৰ স'তে কোনোদিন ঘটা নাছিল...!
লাহি আঙুলিৰ সামান্য পৰশত
হাততে নাচি উঠে গোটেই পৃথিৱীখন।
এৱেগেতিয়া পৃথিৱীখনক তলাবন্ধ কৰি ৰখা জানো ইমান সহজ!
লাহি আঙুলিৰ স্পৰ্শত নামি আহিল
টিকটকৰ ৰিলচ; হোৱাটচএপ গ্ৰুপৰ বৰষুণ
হাততে পোৱা গ'ল উদাসীনতাৰ একমাত্ৰ ভৰসা
ডিজিটেলী আলহী হৈ আহিল
ফাগুনীয়া আবেলিটো।
আজি আৰু নিশা নাহে !
হেঙুলীয়া আবেলি এটা মূৰতে লৈ
এনড্ৰইডৰ সিপাৰে ৰৈ আছে আন এখন পৃথিৱী।
মোৰ উদ্বিগ্নতা, উদাৰতা, নিসংগতা যাওঁক ৰসাতলে
চকুৰ পতাত ওলমি ৰয় স্বপ্নভংগৰ কবিতা,
মই আওঁৰাই আছো
এখন উৱলি যোৱা নাটকৰ সংলাপ।
অলপ অলপ কথাতে ডিজিটেলী বে-হিচাপী বাৰ্তালাপ
সমগ্ৰ পৃথিৱীখন অৰ্পন কৰিব পৰাকৈ চালাসী প্ৰশ্নৱান
কলিজাৰ টুকুৰাটো পুনৰবাৰ আহত নোহোৱাকৈ
মূহুৰ্তৰ বাবে সাবতি ল’লো জীৱন জীয়াৰ মন্ত্র।
Doksiri দকচিৰি, মে, ২০২৬

No comments:
Post a Comment