চিৰকালৰ অসম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, April 30, 2026

চিৰকালৰ অসম

 

চিৰকালৰ অসম


                        অনুস্মিতা চক্ৰবৰ্তী 

                       কটন বিশ্ববিদ্যালয়


সোণালী ধাননি পথাৰত নাচে শৰতৰে শুভ্ৰ কঁহুৱা,

লুইতৰ বুকুত কঁপনি তুলে বৰষাৰ সেই পচোৱা।

সেউজী পাহাৰৰ ওখ টিঙত মেঘে খেলে লুকাভাকু,

অসম আমাৰ আইৰ চেনেহী মুখনি পাহৰোঁ কেনেকৈ বাৰু?

বৰ লুইতৰ বিশাল বুকুত ইতিহাসৰ ৰণধ্বনি বাজে,

লাচিতৰ সেই বীৰত্ব গাথা আজিও হিয়াত গাজে।

শৰাইঘাটৰ ৰণৰ সেই হুংকাৰ আজিও থমকি ৰয়,

যি মাটিত জন্ম লৈ শত বীৰে নেহেৰুৱালে কেতিয়াও ভয়।

শংকৰ-মাধৱৰ গুৰু গম্ভীৰ সেই বৰগীতৰ সুৰ,

নামঘৰৰ ডবা-শংখৰ ধ্বনিয়ে দুখ কৰে অতি দূৰ।

সত্ৰীয়া নৃত্যৰ নূপুৰৰ শব্দত জীপাল হয় দেহ-মন,

ভক্তিৰ ৰসেৰে জাতিষ্কাৰ কৰে অসমীয়াৰ চোতাল-বন।

বিহুৰ ঢোলৰ গুমগুমনি আৰু পেঁপাৰ সেই বিননি,

বসন্তৰ হাঁহিত মতলীয়া হয় আমাৰ এই ৰঙালী ধৰণী।

তগৰ-কপৌ ফুলৰ সুবাসে কঁপাই তুলে গাভৰুৰ হিয়া,

আমাৰ সংস্কৃতিৰ এই অমূল্য সম্পদ নহয় কেতিয়াওঁ ক্ৰিয়া।

চাহ বাগিচাৰ সেউজ দলিচাত ঝুমুৰৰ ছন্দ জাগে,

শ্রমিকৰ ঘামৰ গোন্ধত সোণগুটি ক্ৰমে পকি উঠে আগে।

অগাধ হাবিৰ গঁড়ৰ খোজত প্ৰকৃতিৰ বিৰল সাজ,

কাজিৰঙা-মানসৰ বুকুত বিৰাজ কৰে বন্য প্ৰাণীৰ ৰাজ‍।

অ’ মোৰ আপোন দেশ, অ’ মোৰ চেনেহী দেশ,

তোৰ বুকুত জিৰাই পাওঁ মই মৰমৰ শেষ।

যিমানেই থাকোঁ দূৰত মই, তোৰ কথাই মনত পৰে,

মোৰ আইৰ মুখৰ ভাষাটিয়ে মোৰ পৃথিৱী পোহৰ কৰে।

জাতি-ধৰ্মৰ ভেদাভেদ ভাঙি গঢ়োঁ আমি মিলাপ্ৰীতিৰ ঘৰ,

প্ৰতিজন অসমীয়াৰ বুকুত জ্বলি থাকক একতাৰ নিৰন্তৰ।

আমাৰ এই পৱিত্ৰ ভূমিৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ,

আমি সাজু থাকোঁ সদায় সকলো ত্যাগৰ বাবে আগবাঢ়িবলৈ।

চিৰ সেউজীয়া মোৰ আইৰ কোলাত সৰগৰ সুখ বিৰাজমান,

আমাৰ অস্তিত্বৰ এই সুউচ্চ শিখৰ,আমাৰ অসমীয়াৰ মান।


Doksiri দকচিৰি, মে, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages