নীলা খামৰ চিঠি
আতিক আহমেদ
জেঙ্গনী,নগাঁও
মৰমৰ নিজৰা,
নিলিখো নিলিখো বুলিও তোমালৈ চিঠি এখন লিখিব ল'লো বহাগৰ বতৰা আনি দিয়া চৰাইটিৰ কথা ভাৱি। পদূলি মুখত আলফুলকৈ ফুলি থকা কপৌফুল জোপা দেখি তোমালৈ সঘনাই মনত পৰিছে।মনত ভাহি আহিছে কবিতাৰ ছন্দ। তোমাৰ লগত অভিমান কৰোঁ;কিয় কৰোঁ সেইটো মই নাজানো।তুমিতো কোৱা মই এটা প্ৰেমিক চৰাই।পাহৰিব খোজা এটা বিন্দু পাহৰিব নোৱাৰি হতাশাত ভুগো।কিয় তেনেকুৱা হয় বাৰু মোৰ ক্ষেত্ৰত।সম্ভৱ নষ্ঠালজিয়াই মোৰ জীৱন আৰু জীৱনৰ আদি আখৰা। সিদিনাখন মলয়া বতাহ জাকক তুমি হেনো কৈছিলা--- মই সৰগৰ পৰী, মোৰ ৰূপত সমগ্ৰ প্ৰকৃতিয়ে ম্নান হৈ গৈছে। তেতিয়া মই বতাহ জাকৰ পৰা বুজিলো যে প্ৰেমে সেই সৌন্দৰ্য নিবিচাৰে, বিচাৰে মাথোঁ দাপোনৰ দৰে এখন হৃদয় আৰু হৃদয়ৰ সঁচা মৰম। জীৱন মানে হৈছে উকা কাগজৰ এখিলা পাত। তোমাৰ উষ্ণ পৰশত উকা পাতখিলা সজীৱ হৈ পৰিব।আজি মই বহাগৰ প্ৰথমজাক বৰষুণৰ অপেক্ষাত...
ইতি,
তোমাৰেই কোনোবা প্ৰিয়
Doksiri দকচিৰি, মে, ২০২৬

No comments:
Post a Comment