আঘাতে-আঘাতে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, April 30, 2026

আঘাতে-আঘাতে

 

আঘাতে-আঘাতে


পৰিস্মিতা বৰা
জাঁজী, শিৱসাগৰ

আঘাতে-আঘাতে আহি পালোঁ 

আজি মই তেজস্বীৰ ঘৰত,

এতিয়া আৰু চুব নোৱাৰে মোক 

কোনো বিষাদৰ এঙাৰে,

তুমি এৰি গ'লেও মই আৰু নকৰোঁ শোক

নুশুনো তোমাৰ কোনো বিড়ম্বনা কাহিনী;

মোৰ যে নালাগে কোনো দুঃখ।

এয়েতো নাছিল জীৱন 

নহয় কেৱল ভৱিষ্যৎ।

আঘাতে -আঘাতে আহি পালোঁ 

জীৱনৰ সত্যৰ সেউজ পথাৰত,

শেষ হ'লেও আহিব যে নতুন অংকুৰণ।


Doksiri দকচিৰি, মে, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages