খেতিয়কৰ জীৱন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, April 30, 2026

খেতিয়কৰ জীৱন

 

খেতিয়কৰ জীৱন


                          জুলি হাজৰিকা

                               গোলাঘাট


ক’তনো হেৰাল ইয়াত বাৰিষাৰ ঢল

ক’ৰবাত বান ক’ৰবাত খৰাং

প্ৰকৃতিয়েও ঠগিলে আমাক

হঠাৎ হেৰাই গ’ল পোহনীয়া আশা 


বহুজনৰ বুকুৰ আশাৰ হাঁহিবোৰ

কৰাল মাৰিল তেজৰ চোকোৰাৰ দৰে,

লাজ নিবাৰণ কৰা কাপোৰখনো ক্ৰমে

ঠেক আৰু ছুটি হৈ গ’ল

ডিঙিৰ গামোচাখন তিয়াবৰ হ’ল 


খালী হোৱা ভঁৰালত সোমাল বাদুলিৰ জাক

নিগনিবোৰেও টোকে তপত চকুলো

ভঁৰালৰ চাঙত থকা পাৰকেইটাই

ৰুণ্‌ দি ঘূৰিফুৰে ইফালেসিফালে

মাঘ আৰু ব’হাগত হ’বলগা জীৱনৰ

সংযোগী পথৰ কল্পনাৰ আধাৰশিলা

তাতে পৰিৰ’ল 


ক্ষুধাতুৰ খেতিয়কৰ সেমেকা চকুৰে চাই

ছিঁৰাল ফাট মেলা পথাৰ খনলৈ

হেৰাই গ'ল জীয়াই থকাৰ সপোন

পথাৰৰ ৰোৱাবোৰ ৰ’দত শুকাই খৰখৰীয়া হ’ল

ৰুবলৈ থকা পথাৰবোৰ চৰণীয়া পথাৰ হৈয়ে ৰ’ল।


এমুঠি ভাতৰ বাবে কান্দি থকা শিশুকেইটাক

বুকুত সাৱতি ধৰে মাকে

দুখীয়াৰ আৰ্তনাদ কোনে শুনিব আজি

চৌদিশে আৱৰিছে দুৰ্ভিক্ষই

পথাৰত ফাটমেলাৰ দৰে

দুখীয়াৰ বুকুতো মেলিছে ছিঁৰালফাট 


বাৰীৰ শাক-পাচলি বাৰীতে হেৰাল

হেৰাই গ'ল উপাৰ্জনৰ পথ

পানীয়েই সকলোৰে জীৱন

এতিয়া খালী পেটত গামোচাৰ বান্ধ


বস্তুৰ চৰা দামে চকু কপালত তুলিছে

ক’ৰপৰা দিব চৰকাৰৰ কৰ-

লাইটৰ বিল, পানীৰ বিল,

খেতি বিহীন পথাৰৰ খাজনা আৰু কত কি

চাকৰি বিহীন খেতিয়কৰ জীয়াই থকাৰ আশাবোৰ

মৰহা শেৱালি হ'ল


খেতিয়কৰ চকুবোৰ মৰহা পাপৰি হ’ল

নাখা ৰন্ধ্ৰে বাজ হয় কেৱল হুমুনিয়াহ, হুমুনিয়াহ

ক্ষুধাতুৰ শিশুক বুকুত সাৱতি

জীয়াই থকাৰ সপোন দেখে খেতিয়কে

এতিয়া খেতিয়কৰ বিলৈ “পানীত হাঁহ নচৰা”

এয়াই খেতিয়কৰ জীৱন।


Doksiri দকচিৰি, মে, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages