লিখো বুলি লিখিব নোৱাৰি কবিতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, April 30, 2026

লিখো বুলি লিখিব নোৱাৰি কবিতা

 

লিখো  বুলি লিখিব নোৱাৰি কবিতা 


খুকুমণি মুদৈ দাস

নলবাৰী


লিখো বুলি লিখিব নোৱাৰি 

কবিতা,

মনটো যেতিয়া উদাৰ হৈ

ধৰা দিয়ে, তেতিয়াহে লিখিব 

পাৰি কবিতা।


আজি বহু দিনেই পাৰ হৈ 

গ'ল,

মই লিখা নাই কোনো 

কবিতা।

লিখিম বুলি সাঁচি ৰখা

বহীখনৰ ধুনীয়া, পৃষ্ঠাবোৰো 

উকা হৈয়ে আছে।


কেতিয়া লিখিম

ফুল, চৰাই, পখিলা-ভোমোৰা

আৰু নীলা আকাশৰ,

এটা আশা ব্যঞ্জক কবিতা‌।


য’ত, ফুলৰ পাপৰি বোৰে,

লাহি ককাল ভাঙিব 

ৰঙা-নীলা, চৰাইবোৰেও কবিতাৰ,

ছন্দে -ছন্দে গীত জুৰিব

আৰু নীলা আকাশৰ বিশালতা 

তুলিব লহৰ, সু-গভীৰ নীলাৰে

আৱৰা নীলাঞ্জনাৰে


শ্যামলীময়তাই বৰণ সলাই 

ৰূপ-মাধুৰি পান কবিৰ,

নীলা আকাশৰ বুকু ভেদি।


এই সকলোবোৰৰ পূৰ্ণতাৰে 

ধুনীয়া বহীখনৰ, পৃষ্ঠাবোৰ 

ভৰি পৰিব।

তেতিয়াহে ,লিখো বুলি লিখিব পাৰি‌

কবিতা।


Doksiri দকচিৰি, মে, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages