প্ৰত্যাৱৰ্তন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, April 30, 2026

প্ৰত্যাৱৰ্তন


 প্ৰত্যাৱৰ্তন 


                চন্দ্ৰপ্ৰভা বৰ্মন

                      গুৱাহাটী


মই বাস্তৱতাৰ লগত যুদ্ধত নামিছিলো

মোক নিৰ্মম ভাৱে হৰুৱাব খুজিছিল নিয়তিয়ে

মই স্বপ্নৰ বৰ্ম পিন্ধিছিলো বুলিহে শক্তিৰে

হাৰি মই যোৱা নাই নাহাৰো কাহানিও

বাস্তৱতাৰ সকলো সূতীক্ষ্ণ তীৰে

বিদ্ধ কৰিছে মোৰ সুকোমল হৃদয়

তথাপিও ৰক্তাক্ত হৃদয় লৈও মই

বাৰে বাৰে কৰিম প্ৰত্যাৱৰ্তন 

বন্দী হৈ আছে হাজাৰ ইচ্ছা-আকাঙ্ক্ষা 

অলীক স্বপ্নৰ ভৰত তথাপিতো হৃদয় অক্লান্ত 

হাতত বন্দী ইচ্ছাবোৰৰ নতুন ৰূপ

উন্মোচনত দিশাহীন দুঁচকুৱে 

আত্যুৎসাহৰ নতুন ৰাষ্টা বিচাৰে ...!!!


Doksiri দকচিৰি, মে, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages