ভূপদ
জিণ্টু চাংমাই
চামগুৰি, নগাঁও
(ক)
গছ থাকিলে হে
মানুহ থাকিব,
সম্ভাৱনা
মানুহ থাকিলে গছ নাথাকে।
(খ)
এদিন হয়টো গছ আৰু মানুহ
উভয়ে জী উঠিব,
কিন্তু
গছবোৰ অৰণ্য হোৱাত
মানুহ হ'ব খৰিকটীয়া।
(গ)
নীলকণ্ঠ নাম লৈ হলাহল পি খোৱা
গছ মানেই শিৱ,
তেন্তে
মানুহ কি?
Doksiri দকচিৰি, জুন, ২০২৬

No comments:
Post a Comment