বিষ্টু দা
হেমেন হাজৰিকা
কামৰূপ (মেট্ৰ)
বিষ্টু দা
তুমি গঢ়ি যোৱা
বৰ পথাৰখনৰ
বহু অপতৃণ গজিল।।
তোমাৰ অপ্ৰতিদ্বন্দ্বী
অদ্বিতীয় অবদানত
ঘূণ পোকৰ
নিৰ্মম আক্ৰমণ।।
খুলি খুলি খাইছে
ৰাগ তাল মান
আমি উচুপি কান্দিছোঁ
বিষ্টু দা তুমি বাৰু
কুশলে আছানে ?
Doksiri দকচিৰি, জুন, ২০২৬


No comments:
Post a Comment