ৰাধা
ভাস্কৰ কলিতা
যোৰহাট
নিৰীহ, নিৰিবিলিকৈ বহি আছা যে।
শিকলিৰে বান্ধি ৰাখিছোঁ যদিও,
আলফুলে ৰাখিছোঁ দেখোন তোমাক।
তোমাকটো মুক্ত আকাশৰ তলত এৰি দিব নোৱাৰি।
তোমাৰ দৰে জানো কোনোবা আছে?
তোমাৰ যি তীব্ৰতা, পলকতে পাব পৰা চন্দ্ৰ
তুমিটো জানাই আজিৰ যান্ত্ৰিকতা,
তাতে তুমি ট্ৰেফিক চিগনেলো নামানা।
তুমিটো গ’ম পাইছাই বৰ্ধিত প্ৰদূষণ,
তাতে তুমি মাস্কো নামাৰা।
তুমিটো অনুভৱ কৰিছা প্ৰখৰ ৰ’দ,
জিৰাবলৈ বৃক্ষ জানো পাবা?
এনেকৈয়ে থাকা দিয়া,
লগটো দিছোঁৱেই তোমাক।
তুমিয়েইটো নাম দি লৈছা — “ৰাধা”।
Doksiri দকচিৰি, জুন, ২০২৬


No comments:
Post a Comment