অভিজাত ভীক্ষাৰী
অমল দাৱ
পুনৰ পাঁছ বছৰৰ পিচত সি আহিছে
আপোনাৰ মোৰ আত্মা বিচাৰি
ধান চাউল নেলাগে কেৱল আত্মা লাগে মানুহৰ
আত্মাবোৰ পাই
যোৱা পাঁছ বছৰে সি উদৰ পুৰাই
পেত পেলাই আৰামেৰে জীৱন কটাইছিল
সেই পাঁছ বছৰ শেষ হোৱাৰ পিচত সি আকৌ আহিছে চাবদেই
আপোনাৰ মোৰ পদধূলা বিচাৰিব
আমাৰ দুখত দুখি
সুখত সুখী হবলৈ প্ৰয়োজনত ঘৰীয়ালৰ চকুলু টুকিব
কথা দিব যেন আমাৰ কোনো অভাৱ নেথাকিব
যেন নিমিষতে দুখবোৰ নোহোৱা হব
তেওঁ মানুহ আপুনি বা ময়ু মানুহ
তেওঁৰ সৈতে প্ৰাৰ্থক্য মাথো ইমানেই আমি খেতি কৰো পথাৰত তেওঁ কৰে জনসভাত
আমি বছৰ বছৰ খেতিকৰো তথাপি পেত পুৰাই খাবলৈ নেপাও
তেওঁ কেৱল পাঁছ বছৰত এমাহ খেতি কৰে
উদৰপুৰাই খাই গাড়ী মটৰ ধনে ধানে উভৈনদী হয়
ৰাইজৰ আত্মাখোৱা এই আভিজাত পোকটো আপুনি বাৰু এনেকৈয়ে পুঁহি ৰাখিবনে
ভীক্ষা দিওতে সাবধান হোৱাৰ এয়াই আমাৰ সোনালী সময়।


No comments:
Post a Comment