অভিজাত ভীক্ষাৰী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, May 1, 2026

অভিজাত ভীক্ষাৰী

 


অভিজাত ভীক্ষাৰী

 

                                  অমল দাৱ


পুনৰ পাঁছ বছৰৰ পিচত সি আহিছে 

আপোনাৰ মোৰ আত্মা বিচাৰি


ধান চাউল নেলাগে কেৱল আত্মা লাগে মানুহৰ 


আত্মাবোৰ পাই

যোৱা পাঁছ বছৰে সি উদৰ পুৰাই 

পেত পেলাই আৰামেৰে জীৱন কটাইছিল


সেই পাঁছ বছৰ শেষ হোৱাৰ পিচত সি আকৌ আহিছে চাবদেই

আপোনাৰ মোৰ পদধূলা বিচাৰিব 

আমাৰ দুখত দুখি 

সুখত সুখী হবলৈ প্ৰয়োজনত ঘৰীয়ালৰ চকুলু টুকিব 

কথা দিব যেন আমাৰ কোনো অভাৱ নেথাকিব 

যেন নিমিষতে দুখবোৰ নোহোৱা হব 


তেওঁ মানুহ আপুনি বা ময়ু মানুহ 

তেওঁৰ সৈতে প্ৰাৰ্থক্য মাথো ইমানেই আমি খেতি কৰো পথাৰত তেওঁ কৰে জনসভাত 

আমি বছৰ বছৰ খেতিকৰো তথাপি পেত পুৰাই খাবলৈ নেপাও 

তেওঁ কেৱল পাঁছ বছৰত এমাহ খেতি কৰে 

উদৰপুৰাই খাই গাড়ী মটৰ ধনে ধানে উভৈনদী হয় 


ৰাইজৰ আত্মাখোৱা এই আভিজাত পোকটো আপুনি বাৰু এনেকৈয়ে পুঁহি ৰাখিবনে


ভীক্ষা দিওতে সাবধান হোৱাৰ এয়াই আমাৰ সোনালী সময়।


Doksiri দকচিৰি, মে, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages