হে মোৰ দেশৰ মজদুৰ শ্ৰমিক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, May 1, 2026

হে মোৰ দেশৰ মজদুৰ শ্ৰমিক

 


হে মোৰ দেশৰ মজদুৰ শ্ৰমিক


ৰীতে ৰিদম


হে মোৰ দেশৰ মজদুৰ শ্ৰমিক

আপোনাৰ কেচাঁ ঘামেৰে নিৰ্মিত

অট্টালিকাত বহি

সিহঁতে আপোনাৰ নামত

অহা ইমান তাৰিখে দেনা হেজাৰ এমোন ল’ব


অংকত বিৰাশদ ভাজকে ভাজ্যক ভাজি

ভাগফলটো নিজৰ নিজৰ বৰপেৰাত ৰাখিব

ভাগশেষেৰে ক্ৰয় কৰিব

খাটি খোৱা হাড় ভঙা শ্ৰমিকৰ বিবেক


বৰপীৰাত বহিবলৈ ভাজকক 

আপোনাৰ সোঁহাতৰ আঙুলি এটাৰ চাপ লাগে

প্ৰমাণত বাওঁ হাতৰ তৰ্জনী আঙুলিত অমোচনীয় চিয়াঁহী দেখুৱাব লাগে


চিন্তা নকৰিব

দেনাৰ হেজাৰ এমোনৰ বাবত

বেছিভাগেই পৰোক্ষ কৰ হিচাপে

এলগৰিথমত কিস্তিবোৰ লৈ যাব 

অহা বৰ্ষত পুনৰ

দেনা দুগুণ ল’ব পৰাকৈ

আপোনাৰ চিভিল স্কৰ ঠিক কৰি থ’ব।


Doksiri দকচিৰি, মে, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages