বসন্ত বাহাৰ
মেঘালী গগৈ
মোৰ উশাহলৈ উজাই অহা বতাহজাক
দিৰৈ নে ভোগদৈৰ উমান নাপালো
বতাহজাকৰ বোকোচাত
বসন্তৰ ডাকোৱাল হৈ
মোৰ ওচৰ পোৱা
শিমলুজোলাখিনিক পিছে ঠিকেই চিনি পালো।
ঠোঁটত বসন্তৰ কূটা কঢ়িয়াই অনা
হয়কলি চৰাইটোৱে উকিয়াই কৈ থৈ গৈছিল
হাঁহিটো বাঁহী কৰি গুজি ৰাখিবা ওঁঠত
ফুঁ দিলেই বাজি উঠাকৈ।
গাঁথিয়নৰ সুগন্ধিসনা ভোমোৰাকলীয়া চুলি
মাহ-হালধিৰ বৰষুণত জুৰুলি জুপুৰি
কাচোনমতীৰ বুকুত বসন্তৰ বা-মাৰলি
শিৰৰ পদুলিত জিৰাইছেহি সেন্দুৰীয়া বেলি।।
Doksiri দকচিৰি, মে, ২০২৬


No comments:
Post a Comment