বিষণ্ণ সময়
দীপ হেষ্টিংছ বৰি
হঠাৎ কেতিয়াবা অকাৰণতে
অচিনাকি বেজাৰ এটাই
বুকুৰ আলহী হয়হি।
নুসুধু নামাত তাক
তথাপি ফেপেৰি পাতি ৰৈ থাকে বহু পৰলৈ
অভিমানী প্ৰণয়িনী দৰে।
ইযে মোৰ ভাঙি পৰা মনত
চেতনাৰ উন্মেষ জগায়
বুকুৰ চিঞৰটোক জোকাই যায়
যেন শিমলুৰ আগত
জুই লগোৱা দুষ্ট ফাগুন
আহিনৰ সেউজীয়া আভাক চুই বৈ যোৱা
মৃদু সমীৰণ….
Doksiri দকচিৰি, মে, ২০২৬


No comments:
Post a Comment