ভালপোৱা
যতীন মিলি
শাওণৰ নৈ, জান, জুৰি, পথাৰৰ দৰেই
ছোৱালীবোৰ ধুনীয়া হৈ গৈ আছে
ক্ষুধাৰ দিনত উদৰ পূৰাই খোৱা
পেটৰ তৃপ্তিৰে
মই চাই আছোঁ—
চাই আছোঁ ছোৱালীবোৰক
ছোৱালীবোৰেও চাই আছে মোক
উদৰপূৰাই
সিঁহতজাকেও হেনো ভাল পাইছে
মোৰ দৰে ভোকাতুৰ কবিক
সিঁহতজাকে এইষাৰ কথাও জানে
ভোকাতুৰৰ প্ৰতি ভালপোৱা
অমল ভালপোৱা
ন-পানীৰ গন্ধ পাই
মাছে উলাহতে স্ফুৰ্তি কৰে যিমান
আছে ভালপোৱা সিমান...!
Doksiri দকচিৰি, মে, ২০২৬


No comments:
Post a Comment