বিহুৰ পোছাক
অমিয়া দেৱী বৰঠাকুৰ
মাজুলী
এসপ্তাহৰ শ্ৰম কৰা টকা কেইটা হাতত লৈ হৰকান্ত ল’ৰা-ছোৱালী দুটাক মনপছন্দৰ বিহুৰ সাজ একোটা কিনি দিয়াৰ মানসেৰে বজাৰ পালেগৈ। পিছে মহঙা বজাৰৰ মোহনীয়া কাপোৰ কেইসাজৰ দামটো শুনি এসপ্তাহৰ শ্ৰমৰ পইছা কেইটা লিৰিকি বিদাৰি অৱশেষত পদপথৰ কাপোৰ দুপদমান হাততলৈ আটাইকেইটা পইছা দোকানীক গুজি দি হৰকান্ত যেতিয়া ঘৰ পালেহি ল’ৰা-ছোৱালীহঁতৰ আনন্দ চায় কোনে! হৰকান্তই ও সিহঁতৰ আনন্দ দেখি মুখত কৃত্রিম হাঁহি এটা মাৰোতেই দুটোপাল চকুপানী অজানিতে মাটিত পৰি যোৱা পত্নী হৰিমাই বাদে কোনেও নেদেখিলে।।
Doksiri দকচিৰি, জুন, ২০২৬

No comments:
Post a Comment