কথোপকথন
নিভাঁজ
বেনজিন চুলতানা
বাইহাটা চাৰিআলি, কামৰূপ
তাইঃ কি হ'ল? আজি ইমান শান্ত হৈ আছা যে... কিবা কোৱা আকৌ?
সিঃ তুমি জানাই দেখোন মই মনে মনে থাকি ভাল পাওঁ। আজি বাৰু মূৰটো বিষাই আছে বহুত।
তাইঃ কিয়? কি হ'ল?
সিঃ ৰাতি টোপনি অহা নাছিল।
তাইঃ কিয় ? পৰীক্ষাৰ বাবে ?
সিঃ নাজানো কি বা হ'ল!
তাইঃ (অলপ ওচৰ চাপি) কষ্ট হৈ আছে তোমাৰ?
সিঃ নাই নাই।
তাইঃ তাতে আকৌ মই ইমান পেকপেকাই আছোঁ । সঁচাকৈয়ে মই লাওপাত কচুপাত ।
সিঃ নহয় দিয়া। তুমি লাওপাত মই কচুপাত। হ'ব?
তাইঃ আ.. নালাগে, মই কচুপাত তুমি লাওপাত।
সিঃ ও হু নহ’ব। তুমি লাওপাত। তুমি সদায় মোৰ আগত থাকিবা।
তাইঃ কিয় ? পৰিলে তুমি ধৰিবা?
সিঃ উম, তোমাক পৰিব নিদিওঁ মই।
তাইঃ ইমান কিয় ভাল পোৱা মোক?
সিঃ নাই, নাপাওঁ।
তাইঃ উম্ জানো মই।
সিঃ চাও, তোমাৰ বেগটো ওজন হৈছে মোক দিয়া। মই ল'ম।
তাইঃ আ হ’ব চলি, মই পাৰিম। I am strong girl.
সি: উম্ জানো জানো কিমান strong
তাইঃ বহুত বেছি… এতিয়াই ঘোচা এটা মাৰিলে তুমি উৰি যাবা।
সিঃ হ’ব হ’ব। তাৰ পিছত তুমিয়েই উৰি যাবা।
তাইঃ অহ্ মই উৰি গ’লেটো তুমি ভালেই পোৱা।
সিঃ উম্, বহুত ভাল পাওঁ। আৰু মই তোমাৰ মূৰত দুটা বেলুন ও গাঁঠি দিম । মহাকাশত উৰি থাকিবা । কি ধুনীয়া লাগিব তোমাক !
তাই- নালাগে যোৱা, মোৰ মূৰ ঘূৰাব ।
সি- ভালহে। তেতিয়া আৰু পৃথিৱীত আহিলে কেতিয়াও মূৰ ঘূৰাই নপৰা তুমি।
তাই- ই তুমি কি দূৰবীণৰে চাই থাকিবা মোক?
সি- দূৰবীণ কিয় লাগে ? মইটো চকু মুদিয়ে দেখা পাওঁ তোমাক।
তাই- উম হয়, মহাদেৱ তুমি।
হৰ হৰ মহাদেৱ।
সি- নহয় হৰ হৰ মানৱদেৱ। আ নহয় দিয়া, মই অসুৰ। তুমিয়েই তো মাতা মোক অসুৰ বুলি । মায়েও মাতিছিল তেনেকৈ।
তাই- উম হয়ে তুমি এটা অসুৰ । ইচ্ আল্লাহ, মই অসুৰক ভাল পালোঁ।
সি- ঐ চলি... বেছি হাল্লা কৰিলে মোৰ লগুণত বান্ধি ল'ম ।
তাই- হ'ব যোৱা। এনেই মোৰ কালি জ্বৰ উঠি আছিল, আজি কেনেবাকৈ অলপ ভাল পাইছোঁ। এতিয়া তুমি মোক গালি পাৰি আছা।
সি- উম। মানে জ্বৰৰ পিছত মূৰটো গৰম কৰি ৰাখিব লাগে যে, নহ'লে ঠাণ্ডা হৈ গ'লে আকৌ জ্বৰ উঠিব পাৰে। সেইবাবে...
তাই- আ... হ'ব যোৱা। তোমাক মই বান্ধি থৈ দিম বৰষুণত আমৰ গছত। গম পাবা।
সি- অকলে কিয় টিটিম মই । তোমাকো টানি আনিম লগত।
তাই- নহ'ব । তুমি জানাই মোৰ গাত বৰষুণৰ পানী নপৰে।
সি- সেইবাবে মই তোমাক ছাটি বনাই ল'ম।
তাই- নালাগে যোৱা, বেয়া তুমি।
সি- I love you
তাই- কি কৈছা?
সি- তোমাক কোৱা নাই, মই তোমাৰ চুলিখিনিক ভাল পাওঁ ।
তাই- ই....
সিঃ ঐ, ভালদৰে খোৱা-লোৱা কৰিবা। ভালদৰে টোপনি মাৰিবা। সোনকালে সুস্থ হোৱা চলি।
তাইঃ I love you too বঙহৰদেউ। (এজাক প্ৰেমৰ বৰষুণেৰে টিটি উঠিল দুটি দেহ আৰু এফুট পানীৰে টিটি উঠিল চাৰি নয়ন।)
আগলৈ....


No comments:
Post a Comment