কাবান
কাৰ্চাং তাকাৰ
দিয়া ঘূৰাই দিয়া আমাৰ পৃথিৱী আমাক……নালাগে ওলোটা পৃথিৱী— জুবিন গাৰ্গ
আমাৰ চোতালখন ৰ’দ নোপোৱাৰে পৰা,
ঘনচিৰিকাহঁতক নেদেখা হোৱাত মোৰ আকাশ আন্ধাৰ।
গছ বন কাটি গঢ়িলো নতুন চহৰ
নিজৰ বাবে ইটা ঘৰ সজাওঁতে পিতাইৰ খেৰৰ ঘৰখন নেদেখা হ’লোঁ
তোমাক ভাল পাওঁ বুলি কওঁতেই
আইৰ বাবে কিনা মেখেলা চাদৰো পুৰণি হ’ল
সেউজীয়া ৰঙৰ তামপেৰাখন যৌতুকত পাইছিল
আমাৰ বাবে কাপোৰ সাঁচোতে সাঁচোতে হেৰাল পিতাইৰ মিবু চোলাও
ঘুণে নধৰা, ফাগুন লগা গোন্ধ নতুনৰ মিবু চোলা নাপাওঁ যদিও
খেদি যায় আমাৰ মন আই-পিতাইৰ তামপেৰালৈ।
ভাৱাৰ্থ
কাবান - কাবান হ’ল মিচিং জনজাতিৰ এক হৃদয়স্পর্শী শোকগাথা বা কৰুণাত্মক গান।
Doksiri দকচিৰি, মে, ২০২৬


No comments:
Post a Comment