অনুৰাগ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

অনুৰাগ

 

অনুৰাগ                   


দীপ্তি মণি গোস্বামী

লখিমপুৰ, লালুক


    নিশা বাৰ বজাত  ফোনৰ ৰিংটন বজিছে, নয়না উচপ খাই উঠিল; চকু কেইটা মোহাৰি স্ক্ৰীনখন চালে। এটা অতি আপোন চিনাকী নম্বৰ। তাই ৰিছিভ্ কৰিলে। সিফালৰ পৰা ভাঁহি অহা কণ্ঠস্বৰ....

“অ ননী ত‌ই কালিলৈ এপাক চিটি হস্পিতেললৈ আহচোন তোক চাবলৈ বৰ মন গৈছে! আন্ত বিভাগৰ ৪ৰ্থ মহলৰ দুই নম্বৰ ৰুমৰ দুই নম্বৰৰ বেডত ম‌ই আছোঁ।” ফোন কাটি দিলে, নয়নাইও আকৌ লগোৱাৰ যত্ন নকৰিলে যিহেতু ৰাতি বহুত, কাষৰ মানুহে আমনি পায়।

        নয়না চলিহাই চিৰি বগাই বগাই চাৰিমহলৰ ওপৰত থকা হস্পিতেলৰ সেই নিদিষ্ট ৰুমটোৰ নিদিষ্ট বিচনাখন বিচাৰি ওলিয়ালেগৈ। ই কি? এটা জীৱন্ত নৰকংকাল বিচনাখনত দীঘল দি পৰি আছে, গাঁতৰ ভিতৰত সোমাই থকা চকু কেইটা তৰতৰকৈ জিলিকি আছে।

           কাষতে থকা টেবুলখনত দুটা খালী আৰু এটা ভৰ্তি পানীৰ বটল আৰু এটা খালী টিফিন! গাৰুৰ তলত থৈ দিয়া আছে এখন প্ৰেছকিপচন, তাত ডাক্তৰৰ নিৰ্দেশনা শৌচ- প্ৰস্বাব, তেজকে ধৰি আঠটামান পৰীক্ষা কৰাব লাগে আৰু লগতে এটা আল্টাৰচাউণ্ড। সেইখন কাগজখন আজি চাৰি দিনৰ আগৰ, কাৰণ চাৰি দিনৰ আগতে তাইক মানুহজনে (গিৰিয়েকে) ডাক্তৰক দেখুৱাই ভৰ্তি কৰাই থৈ গৈছিল। 

       আজি চাৰি দিনে নাই মানুহজনৰ এটা মেছেজ অথবা এটা ফোন, মানুহগৰাকীয়ে ফোন কৰি কৰি ভাগৰি গৈছে, নাই ৰিছিভ্ নকৰে.....

    এইয়াই নে বাৰু পবিত্ৰ হোমৰ অগ্নি সাক্ষী কৰি সুখে দুখে সহযোগী হোৱাৰ প্ৰতিশ্ৰুতি?

       ল’ৰালিৰ ধেমালিৰ পৰা শৈশৱ কৈশোৰ যৌৱনৰ পল অণুপল একে লগে পাৰ কৰা নয়না চলিহাৰ অন্তৰঙ্গ বান্ধৱী নিবেদিতা। তাই কলেজৰ কালত প্ৰেম কৰি বিয়া হৈ আহিছিল নয়ণ খটনিয়ালৈ। কি যে দুৰন্ত প্ৰেমিক আছিল সিহঁত!

    নয়ন নিবেদিতাৰ প্ৰেম কলেজৰ শিৰোনাম হৈ পৰিছিল আকাশে বতাহে কলেজে কেন্টিনে। সিহঁত দুটাৰ প্ৰেম সচাঁকৈয়ে স্বৰ্গীয় অনুভূতিৰে পৰিপূৰ্ণ আছিল যিটো নয়নাই নিজ চকুৰে প্ৰতক্ষ কৰিছিল,আনকি ঘৰৰ সন্মতিৰে বিয়া হৈ অহাৰ পিছতো এদিনো তাইক নয়নে অকলে ঘৰত থাকিবলৈ দিয়া নাই, সি লৈ যায় লৈ আহে; প্ৰয়োজন হলে দুইটাই থাকি দিয়ে ইমানেই আঠৰুৱা আছিল সিহঁতৰ মৰম ভাল পোৱা।

    সুৰ্দীঘ ত্ৰিশ বছৰৰ পিছত আজি নিবেদিতা অকলশৰীয়া হস্পিতেলৰ বিচনাত, বিনা খাদ‍্য বিনা চিকিৎসাই। তাই  বাল‍্য বান্ধৱী নয়নাক কৈছে......... “জান ননী এওঁৰ কিবা এটা ডাঙৰ বিপদ হৈছে নহলে মোক ইয়াত থৈ গৈ এনেকৈ নহাকৈ একো খা-খবৰ নকৰাকৈ কেতিয়াও নাথাকে অ! যিটো মানুহে ম‌ই নাখালে সাধাৰন বগৰী এটাকে নাখায় সেইটো মানুহে মোক এনেকৈ সহজতে এৰি থাকিব কেতিয়াও নোৱাৰে।”

        নয়নাই মনতে ভাবিলে সঁচাকৈয়ে তেনেই হ‌ওঁক, বেচেৰীজনী নিঃসন্তান নোহোৱা হলে আজি ইমান অসহায় নহলহেঁতেন, তাৰোপৰি ঘৰৰ মানুহৰ পৰা মানুহটোক আঁতৰাই ননা হলে আজি উভৈনদী পৰিয়ালে পৰিপূৰ্ণ ঘৰখনৰ পৰা কোনোবা এটা হলেও আহি তাইৰ সংগ দিলেহেঁতেন!    

    নয়নাই চিষ্টাৰ এগৰাকীৰ সহায় লৈ নিবেদিতাৰ কেইবাটাও টেষ্ট কৰালে আৰু তাইৰ হাতত কেইটামান টকা দি ঘৰলৈ গুছি আহিল সন্ধ‍্যা ভগাৰ পিছত । নয়না গুছি যোৱাৰ পিছত তাই আকৌ মানুহজনলৈ বহুবাৰ ফোন লগালে, নাই ৰিছিভ্ নহয়! ৰাতি নয়নাই পুনৰ নিবেদিতালৈ ফোন কৰি কলে.......“ননী ত‌ই কালিলৈ যেনে তেনে এপাক এওঁৰ ওচৰলৈ গৈ দে চোন মানুহটোৰ কি বা হৈছে মোৰ বৰ চিন্তা হৈছে অ!”

    হ’ব দে শুই থাক এতিয়া, ম‌ই কাইলৈ ৰাতিপুৱাতে গৈ আহিম দে। কথাখিনি কৈ নয়নাই ফোন কাটি দিলে হয় কিন্তু তাইৰ মগজুত এখন বিশাল সাগৰ ববলৈ ললে....। তাই এইটো ভাবিছে যিটো নিবেদিতাই কোনো দিন কোনো কালে সপোনতো নাভাবে।

      ৰাতিপুৱা ঘৰৰ কামখিনি আজৰি কৰি নয়না নিবেদিতাৰ ঘৰত ওলালেগৈ। কিন্তু ই কি? পদূলিলৈকে ৰভা , ৰভা তলত নয়নৰ সমস্ত পৰিয়াল! নয়না কাষৰে মানুহ এঘৰলৈ পানী বিচৰাৰ ছলেৰে সোমাই গ'ল আৰু কথাৰ ওৰ ওলিয়াবলৈ যত্ন কৰিলে। তেনেকুৱাতে নয়নো সেইখন ঘৰলৈ বুলি গৈ কাৰোবাৰ লগত ফোনত কথা পতা নয়নাৰ কানত পৰিল.....

    “ভাল পাই আনিলো বুলিয়েই বাজী জনীৰ লগত মোৰ জীৱনটো শেষ কৰি দিম নেকি? তাইৰ বয়স বৰ্তমান একাৱন্ন আৰু মোৰ বাৱন্ন, তাইৰ দিন গ’ল কিন্তু মোৰ এতিয়াও নতুনকৈ সংসাৰ এখন আৰম্ভ কৰিবলৈ জোখৰ সময় আছে। কালিলৈ মোৰ বিয়া, ছোৱালী ঘৰৰ মানুহে চাই দিছে। নিবেদিতাৰ এতিয়া অন্তিম সময় ম‌ই তাইক বহুদিনৰ পৰা শ্ল প‌ইজন দি আহিছোঁ, তাইৰ ভিতৰৰ ফাংচন সব গেলি গ’ল।”

        নয়নাই  সকলোখিনি কথা তাইৰ ফোনত ৰেকৰ্ড কৰি আনি নিবেদিতাক শুনাই দিলেহি। নিবেদিতাই একো নামাতি চকুৰ পৰা ধাৰাসাৰে মাঁথো নৈ বোৱালে! অলপ পিছত হাত দুখন যোৰ কৰি কলে...... “হে প্ৰভূ তেওঁক সুখী কৰি ৰাখিব!”

নিবেদিতাৰ ডিঙিটো আলমুকুতা খাই গ’ল লগতে দেহাটোও নিধৰ হৈ গ’ল! সেই ক্ষণৰ সাক্ষী হৈ ৰ’ল নিবেদিতাৰ আশে পাশে শুই থকা বহি থকা প্ৰতিখন বিচনাৰ ৰোগী। নয়নাই আন্ধাৰ দেখিলে! তাই কিংকৰ্তব‍্য বিমোৰ হৈ পৰিল! অলপ সময় ৰৈ থানালৈ ফোন কৰি পুলিছ মাতি  নিবেদিতাৰ মৃত দেহৰ সৈতে নয়নৰ শ্ৰব‍্য কেছেত চমজাই দিলে।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages